মুখ্য-পৃষ্ঠা

উত্তৰ গুৱাহাটীৰ শালমাৰা আৰু ক্ষুদ্ৰপলহাৰ দুজন লোকৰ দেহত কোৰোনা…

asomiyapratidin

ডিজিটেল সংবাদ দুমুনিচকীঃ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত ক্ষুদ্ৰপলহা নিবাসী বিনোদ কুমাৰ নাথ (৩৮) আৰু শালমাৰা নিবাসী ৰজত কলিতা (৬২) ক আজি নিশা কলিতাকুচি মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

বেজেৰা সামুহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ছবিনচন্দ্ৰ দাসৰ পৰা জানিব পৰা মতে যোৱা এপ্ৰিল মাহৰ ২৯ তাৰিখে ৰজত কলিতাই বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ কভিড পৰীক্ষা কেন্দ্ৰলৈ গৈ তেওঁৰ কভিড পৰীক্ষা কৰায়। পৰীক্ষাৰ প্ৰতিবেদনত কভিড পজেটিভ ওলোৱাত চিকিৎসকে প্ৰয়োজনীয় চিকিৎসা কৰি নিজ বাসগৃহত কোৱাৰান্টাইনত থকাৰ পৰামৰ্শ প্ৰদান কৰে।

ঠিক তেনেদৰে (ইং ৩ মে তাৰিখে) কালি ক্ষুদ্ৰপলহাৰ বিনোদ কুমাৰ নাথেও উক্ত কভিড পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কৰোৱাত কভিড পজেটিভ বুলি চিনাক্ত হয়। ফলত একেদৰে বিনোদকো প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি নিজ বাসগৃহত কোৱাৰান্টাইনত থকাৰ পৰামৰ্শ প্ৰদান কৰে।


কিন্তু নিশা দুয়োজনৰে শৰীৰৰ বিষ, জ্বৰ আদি লক্ষণবোৰ বেছিকৈ দেখা দিয়াত পৰিয়ালৰ লোকে চিকিৎসকক অৱগত কৰে। ফলত চিকিৎসকে যোৱা নিশা প্ৰায় ১০ বজাত দুয়োজনকে নিজ নিজ গৃহৰ পৰা ১০৮ এম্বুলেঞ্চ যোগে কলিতাকুছি মডেল হাস্পতাললৈ প্ৰেৰণ কৰে।