মুখ্য-পৃষ্ঠা

চিনেমাত নহয়, অসমত সঁচা ‘পেডমেন’!

asomiyapratidin

► মৃদুল কুমাৰ সন্দিকৈ

দোকানখনলৈ গৈ ছোৱালীজনীয়ে ইফালে-সিফালে চালে। মানুহ নথকাৰ সুযোগ লৈ দোকানীজনক ক'লে- 'দাদা, ষ্টেইফ্ৰী এটা দিয়কচোন।'

মহানগৰীৰ এখন দোকানৰ দৃশ্য আছিল এয়া। শিক্ষিত এগৰাকী যুৱতীৰো এই সংকোচ। কিজানি কোনোবাই শুনে…।

বজাৰত এতিয়া মহিলাসকলে 'মাহেকীয়া' সময়ত ব্যৱহাৰ কৰা অনেক পেড পোৱা যায়। ছিষ্টাৰ্ছ, পইছি, নিউ-ৱোমেন, অলৱেইছ, হুইস্পাৰ আদি ব্ৰেণ্ডৰ পেড উপলব্ধ। কিন্তু এইবোৰ ব্যৱহাৰ আৰু ক্ৰয় কৰাৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ মহিলা আজিও সচেতন নহয়।

ছুপাৰমেন, বেটমেন, স্পাইডাৰমেন অনেক মেন আছে। কিছুদিনৰ পূৰ্বে ছবিগৃহলৈ আহিছিল 'পেডমেন'। তাৰ পাছতেই বহুতৰেই ধাৰণা সলনি হৈছিল। এই ছবিখনত 'পেডমেন'ৰ চৰিত্ৰত অভিনয় কৰা অক্ষয় কুমাৰে কৈছিল- 'বিগমেন, ষ্ট্ৰং মেন এইবোৰে দেশ সলনি কৰিব নোৱাৰে। দেশ সলনি কৰিবলৈ মহিলা শক্তিশালী হ'ব লাগিব, ভগ্নী শক্তিশালী হ'ব লাগিব। তেতিয়াহে দেশ শক্তিশালী হ'ব।'

এই ছবিখনত দেখা পোৱা বহু দৃশ্য বাস্তৱ জীৱনতো দেখিবলৈ পোৱা যায়। অনেক কষ্ট কৰি পেড বনাই উপহাৰ দিয়া সময়ত সকলোৰে সংকোচেৰে আৰু বিতৃষ্ণাৰে উপচাই দিছিল পেডমেনক। আনকি নিজৰ ভনীয়েকক সেই পেড ব্যৱহাৰৰ বাবে দিওঁতে ভনীয়েকে প্ৰশ্ন কৰিছিল- 'নিজৰ ভনীয়েকক কোনোবাই এনেকুৱা বস্তু দিয়ে নেকি?' পাতে মেৰিয়াই অনা পেড ভগ্নীক দিয়া সময়ত উচপ খাই উঠিছিল তেওঁৰ ভগ্নী। আৰু পেডমেনৰূপী অক্ষয় কুমাৰে ভনীয়েকক উত্তৰ দিছিল- 'নিদিয়ে, কিন্তু দিব লাগে। ৰাখি পিন্ধাইছিলি নহয়, ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিলো নহয়…।'

ইফালে, পত্নীক পেডমেনে পেড দিওঁতে আচৰিত হৈ পত্নীয়ে কৈছিল- 'আমি মহিলাবোৰৰ কাৰণে বেমাৰ হৈ মৰাতো লজ্জাজনকভাৱে মৰাতকৈ বেছি ভাল।' পেডমেনে উত্তৰ দিছিল- 'লাজক লগত লৈ 'বেমাৰ'ৰ নলাত পৰি মৰি যা।'

অসমৰ গাঁৱে-ভূঞে, জীয়াৰী-বোৱাৰীৰো একেই অৱস্থা। সচেতনতাৰ অভাৱ এই দিশত। এই কথা পতাও যেন এক মহাপাপ। বিজ্ঞান বহু আগবাঢ়ি গ'ল, মানসিকতাহে সলনি নহ'ল। মহিলাৰ ঋতুচক্ৰ হোৱাৰ সময়ত আজিও পুৰণা কাপোৰ, বাতৰি কাকত ব্যৱহাৰ কৰে বহুতে। যিবোৰ চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰ পৰা অতি বিপজ্জনক। অস্বাস্থ্যকৰ এনে মানসিকতাই এখন সুস্থ সমাজ গঢ়াত বাধা দিয়ে। নাৰী তথা মহিলাসকলক ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰথম উপাই সজাগতা। ইয়াৰ অবিহনে ই এক গোপনীয় কথা হৈয়ে ৰৈ যাব।

এই আন্দোলন তামিলনাডুত আৰম্ভ কৰিছিল অৰুণাচলম মুৰুগানান্থমে। তেওঁ আছিল অতি দৰিদ্ৰ ঘৰৰ সন্তান। পিতৃ এক দুৰ্ঘটনাত নিহত হৈছিল। মাতৃ আছিল শ্ৰমিক। মেচিন ভাল কৰিয়েই জীৱন  নিৰ্বাহ কৰিছিল তেওঁ। ১৯৯৮চনত বিবাহপাশত আৱদ্ধ হৈছিল। পত্নীৰ ঋতুচক্ৰৰ সময়ত পুৰণা কাগজ আৰু পুৰণা কাপোৰ ব্যৱহাৰ কৰা দেখি তেওঁ নিজেই নিৰ্মাণ কৰি দিছিল পেড।

কাপোৰেৰে তৈয়াৰ কৰা এই পেডে পত্নীৰ সমস্যা সমাধান কৰিব পৰা নাছিল। সেয়েহে ব্যৱহাৰ কৰা নাছিল এইবোৰ। কিন্তু ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল অৰুণাচলম মুৰুগানান্থমে। পৰৱৰ্তী সময়ত নিৰ্মাণ কৰিছিল নিজাকৈ পেড। আৰু সেইবোৰ বিতৰণৰ জড়িয়তে এক আন্দোলন গঢ়ি তুলিছিল।

বহু তথাকথিত শিক্ষিত মানুহৰ বাবে এইবোৰ অলাগতিয়াল বিষয়। কিন্তু সাম্প্ৰতিক পৰিস্থিতি এয়া অপ্ৰয়োজনীয় বিষয় হৈ থকা নাই। অসমতো আৰম্ভ হৈছে এনে এক আন্দোলন। মহিলাসকলক ঋতুচক্ৰৰ সময়ত পেড ব্যৱহাৰৰ বাবে সচেতন কৰা আৰু ইয়াক প্ৰস্তুত কৰাৰ বাবে এক আন্দোলন গঢ় লৈ উঠিছিল ৪ বছৰ আগতেই । সেই আন্দোলন আৰম্ভ কৰিছিল নয়ণ শইকীয়া নামৰ যুৱকজনে।

বিশ্বনাথ চাৰিআলিৰ এই যুৱকজন আছিল হোটেল মেনেজমেন্টৰ ছাত্ৰ। কলকাতাত থাকোতেই ছাত্ৰজনে লগ পাইছিল অৰুণাচলম মুৰুগানান্থমক। তেওঁৰ কামৰ উদ্দেশ্য অনুধাৱন কৰি ঘূৰি আহি বিশ্বনাথৰ গড়েহাগিত এটা পেড প্ৰস্তুত কৰা মেচিন স্থাপনেৰে আৰম্ভ কৰিছিল পেড উৎপাদনৰ কাম।

'অলৱেইজ' নামৰ এই ব্ৰেণ্ডৰ পেডে বিশেষ বজাৰ দখল কৰিব নোৱাৰিলে। নেপকিন নিৰ্মাণৰ এই ধাৰাবাহিকতা অধিক ক্ষিপ্ৰ হ'ল 'পেডমেন' চিনেমাখন মুক্তি পোৱাৰ পাছত। অৰ্থাৎ ভাৰতত যদি পেডমেন অৰুণাচলম মুৰুগানান্থম, তেন্তে অসমত নৰেণ শইকীয়াক পেডমেন আখ্যা দিব পাৰি।

স্থানীয়ভাৱে প্ৰস্তুত কৰা এই নেপকিন অৰ্থাৎ পেডবোৰ সম্পূৰ্ণ বিজ্ঞান সন্মতভাৱে প্ৰস্তুত কৰা হয়। ইয়াত উন্নত  প্ৰযুক্তি ব্যৱহাৰেৰে জেল ল'ক ছিষ্টেমৰ পেড প্ৰস্তুত কৰিবলৈ সক্ষম হয়। এই বিষয়ে নয়ণ শইকীয়াক জানিবলৈ বিচৰাত তেওঁ কৈছিল- 'আমি ৪ বছৰ আগতেই এই কাম আৰম্ভ কৰিছিলো। যথেষ্ট কষ্ট কৰিবলগা হৈছিল। এৱাৰনেছ কেম্প কৰিছিলো। কিন্তু সহাৰি তেতিয়া এনেধৰণৰ নাছিল।

এতিয়া মহিলাসকলে ৱিংছ থকা পেড বিচাৰে। আমি আমাৰ মেচিন তেনেদৰে ম'ডিফাই কৰিছো। আৰু ইয়াৰ উৎপাদন চলি আছে। বজাৰত যিবোৰ পেডৰ দাম ৮০-৯০ টকা। সেইবোৰ আমি অতি কম দামত বিক্ৰী কৰিব পাৰো। ই এক আন্দোলন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই কাম আমি কৰি আছো। মহিলাসকলক ইয়াৰ সৈতে জড়িত কৰিছো।'

পেডমেন চিনেমাৰ মুক্তিৰ পাছতেই মহিলাসকলৰ মাজত ইয়াৰ সজাগতা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধানসভাৰ মজিয়াত আহ্বান জনাইছিল বিধায়িকা আঙুৰ লতাই। তাৰপাছত এদিন নয়ন শইকীয়াক লৈ গৈছিল তেওঁ মুখ্যমন্ত্ৰীৰ কাষলৈ। তেতিয়াই মুকলিভাৱে বিষয়টো আলোচনা কৰি ৰাজ্যত তেনে এক জনজাগৰণ কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লোৱা হৈছিল।

আৰু অংশ হিচাপে তিনিচুকীয়াত এমাহৰ পূৰ্বে তেনে এটা মেচিন স্থাপন কৰি প্ৰস্তুত কৰা হয় পেড অৰ্থাৎ নেপকিন। পাটকাই চি এল এফ নামৰ এই মহিলা গোটটোৱে পেড নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰিলে। ইয়াত সহযোগ কৰিলে নয়ন শইকীয়াই। তেওঁৰ অলৱেইজ নামৰ এন জি অ'টোৰ সহায়ত তিনিচুকীয়াৰ গুইজানৰ এই মহিলাসকলক প্ৰশিক্ষণ তথা সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিলে।

এই পেড উৎপাদনৰ সৈতে জড়িত পাটকাই চি এল এফ গোটৰ সভানেত্ৰী প্ৰবীণা ৰাজখোৱাই জানিবলৈ দিয়া মতে, তেওঁলোকে প্ৰতিদিনেই প্ৰায় ১০০০টাকৈ পেড প্ৰস্তুত কৰে। বৰ্তমান ৫গৰাকী মহিলা এই পেড উৎপাদনৰ সৈতে জড়িত। তেওঁলোক ক্ৰমে- জ্যোতি হাজৰিকা, নমিতা সোণোৱাল, অঞ্জনা কুমাৰ, তৰুলতা দত্ত, অনিমা ওৰাং। যোগীপথাৰত আছে তেওঁলোকৰ ফেক্টৰী।

দিনে-ৰাতিয়ে কাম কৰি প্ৰস্তুত কৰিছে এই পেড। মহিলাসকলৰ মাজতো সজাগতা বৃদ্ধি পাইছে। আনোকালে পেড ব্যৱহাৰ নকৰা মহিলাই পেড ক্ৰয় কৰি নিছে তেওঁলোকৰ পৰা। অতি কম দামত এই পেড যোগান ধৰিছে তেওঁলোকে। তেওঁলোকে এই পেডৰ নাম ৰাখিছে 'সখী'। হুইছপাৰ, ষ্টেইফ্ৰীৰ সৈতে ফেৰ মাৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই পেড।

শুকুৰবাৰে বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব এই পেড।নয়ন শইকীয়াই জানিবলৈ  দিয়া মতে, তাৰ পাছত ধেমাজিত তেওঁলোকে এনে এক পেড নিৰ্মাণৰ উদ্যোগ গঢ়ি তুলিব। পৰৱৰ্তী সময়ত ৰাজ্যৰ আন জিলাসমূহতো পেড উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে তেওঁলোক সাজু হৈছে। ভাল খবৰ এয়াই যে- যিবোৰ কথা মানুহে ক'বলৈ লাজ কৰে, সেই সামাজিক স্বচ্ছতা ৰক্ষা তথা মহিলাৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পৰা এনে এক আন্দোলন অসমত অতি নীৰৱে হৈ আছে।

'সখী' নামৰ এই পেডে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ বহু মহিলা লৈ এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে। এইবোৰ সৰু কথা বুলি আমি আওকাণ কৰো। কিন্তু মহিলাক সবলীকৰণৰ ক্ষেত্ৰত এনেবোৰ কথা, আন্দোলনৰ প্ৰয়োজন কিমান সেয়া পেডমেন চিনেমাখনৰ জৰিয়তে ইতিমধ্যে পোহৰলৈ আহিছে। তাত কোৱা এটা বাক্য লক্ষ্যণীয়- 'মহিলাৰ দৰে পুৰুষৰো যদি এনেদৰে ৰক্তপাত হয়, তেন্তে পুৰুষক চিকিৎসালয়ত ভৰ্তি কৰোৱাব লাগিব।'

পেডমেন ছবিখনৰ সেই ট্ৰেইলাৰত কোৱা দৰে- আমেৰিকাত ছুপাৰমেন, বেটমেন, স্পাইডাৰমেন আছে, কিন্তু ভাৰতত 'পেডমেন' আছে। সেই গৌৰৱে আজি আমিও ক'ব পাৰো অসমতো পেডমেন আছে। আৰু আছে 'সখী'। বাহিৰৰ কোম্পানীৰ ব্যয়বহুল পেডৰ বিপৰীতে থলুৱাভাৱে উৎপাদন কৰা 'সখী'য়ে নিশ্চয় ৰাজ্যৰ পিছপৰা অঞ্চলৰ বহু মহিলাৰ স্বাস্থ্য তথা পৰিচ্ছনতাৰ প্ৰতি পৰিৱৰ্তন আনিব।

এইবোৰ কথা কেতিয়াও লাজৰ কথা নহয়। এতিয়া সুস্বাস্থ্য সকলোৰে লক্ষ্য। মহিলাসকল ইয়াৰ পৰা বঞ্চিত হ'ব নোৱাৰে। এই প্ৰাকৃতিক নিয়মক বাধা দিব নোৱাৰিলেও সলনি কৰিব পাৰি জীৱন-ধাৰণৰ প্ৰণালী। এয়া এক আন্দোলন। মহিলাসকলৰ বাবে এই আন্দোলন এক সামাজিক আন্দোলন হওঁক। কোনোবাই তুচ্ছ্য-তাচিল্য কৰিলেও, এয়া এক গুৰুত্বপূৰ্ণ বিষয় আৰু মহিলা সমাজৰ বাবে ভাল খবৰ।

'সখী'ৰ এই যাত্ৰাই সলনি কৰিব মানুহৰ মানসিকতা। সুস্বাস্থ্য সকলোৰে অধিকাৰ। মহিলাসকলে নিজেই অনুভৱ কৰিব লাগিব এতিয়া পুৰণি কাগজ, পুৰণি কাপোৰক বিদায় দিয়াৰ সময়। সেই পৰিৱেশ আনিছে অসমৰ পেডমেনে, অসমৰ মহিলাই প্ৰস্তুত কৰা 'সখী'য়ে। পেড উৎপাদনৰ সৈতে জড়িত নয়ন আৰু মহিলাসকল আশাবাদী- আৰু কিছুদিনৰ পাছতেই লাজে লাজে গৈ মানুহ চাই দোকানত ষ্টেইফ্ৰী বা হুইছপাৰ বিচৰা মহিলাই মুক্তভাৱে গৈ দোকানীক ক'বগৈ- 'দাদা, সখী এটা দিয়ক।'