মুখ্য-পৃষ্ঠা

দিল্লীৰ অচলাৱস্থাৰ মাজতে বহু প্ৰতিশ্ৰুতি দি গ’লগৈ ট্ৰাম্প…

asomiyapratidin

ডিম্পুল বৰগোহাঁই

৩৬ ঘণ্টীয়া বিদেশ ভ্ৰমণ সামৰি স্বদেশলৈ উভতিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। এই ভ্ৰমণৰ সময়চোৱাত ভাৰত-আমেৰিকা দ্বিপাক্ষিক কুটনৈতিক সম্পৰ্কক লৈ বহু কথা আলোচনা হ'ল। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ সৈতে ৩ বিলিয়ন এখন চুক্তিত স্বাক্ষৰ কৰা কথাও ঘোষণা কৰিলে। পূৰ্বতে বহু বিষয়ত কিছু মতানৈক্য থকা দুয়োখন দেশে আগন্তুক সময়ত একেলগে বহুকেইটা কাম কৰাৰ কথাও ঘোষণা কৰিলে।

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই ভ্ৰমণকালত এটা উল্লেখযোগ্য ঘোষণা কৰি গ'ল। সেয়া হ'ল- তেওঁ ভাৰত-পাকিস্তানৰ মাজত কাশ্মীৰক লৈ অনুষ্ঠিত হ'ব লগা আলোচনাৰ মধ্যস্থতাকাৰী ৰূপত অংশগ্ৰহণ কৰিবলৈ তেওঁ সাজু। এই ঘোষণাই সমগ্ৰ বিশ্বত প্ৰভাৱ পেলাইছে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-পাকিস্তানৰ সম্পৰ্কত কাশ্মীৰ বিষয়টো এক কাঁইট বুলি অভিহিত কৰে। দিল্লীৰ মাৰ্কিন দূতাবাসত আয়োজিত এক সংবাদমেলত দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰী ৰূপে অৱৰ্তীণ হোৱাৰ প্ৰস্তাৱো ৰাখে ট্ৰাম্পে।

উল্লেখ কৰা প্ৰয়োজন, ইয়াৰ পূৰ্বেও ভাৰত-পাকিস্তানৰ মাজত কাশ্মীৰ বিবাদ বিষয়ত মধ্যস্থতাৰ বাবে ট্ৰাম্পে কেইবাবাৰো প্ৰস্তাৱ আগবঢ়াইছে যদিও ভাৰতৰ ফালৰ পৰা সেয়া সজোৰে প্ৰত্যাখ্যান কৰা হৈছে। ভাৰতে স্পষ্ট কৰি দিছিল যে, ভাৰতে কোনো ক্ষেত্ৰতে তৃতীয় শক্তিৰ মধ্যস্থতা কামনা নকৰে। কিন্তু ভাৰতৰ ভূমিত থাকি আলহী তথা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱ এইবাৰ ভাৰতে কেনেদৰে গ্ৰহণ কৰে আগন্তুক সময়তহে স্পষ্ট হ'ব।

ট্ৰাম্পে এই ভ্ৰমণত সন্ত্ৰাসবাদৰ সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সন্ত্ৰাসবাদক এক গুৰুতৰ সমস্যা হিচাপে অভিহিত কৰি ট্ৰাম্পে কয়, সন্ত্ৰাসবাদ এক গুৰুতৰ সমস্যা, তাত কোনো প্ৰশ্ন নাই। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ সন্দৰ্ভত আলোচনা কৰাৰ কথাও ব্যক্ত কৰে। সন্ত্ৰাসবাদ ৰোধৰ ক্ষেত্ৰতো পাৰ্যমানে সকলোখিনি কৰাৰ প্ৰতিশ্ৰুৰতি দি গ'ল ডলান্ড ট্ৰাম্পে। দিল্লীৰ মাৰ্কিন দূতাবাসত আয়োজিত সংবাদমেলৰ পূৰ্বে মটেৰা ষ্টেডিয়ামতো ট্ৰাম্পে ঘোষণা কৰিছিল যে, ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দুয়োখন ৰাষ্ট্ৰই দৃঢ় স্থিতি গ্ৰহণ কৰিছে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাৰত ভ্ৰমণত আন এক গুৰুত্বপূৰ্ণ দিশ হ'ল- এই ভ্ৰমণকালত আমেৰিকাৰ যুক্ত ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলে ৩০০ কোটিতকৈ অধিক ড'লাৰৰ সামৰিক যুক্তিত স্বাক্ষৰ কৰিলে।।এই চুক্তিৰ জৰিয়তে ভাৰতীয় সেনা বাহিনীত উন্নত হেলিকপ্টাৰ আৰু আন কিছুমান যন্ত্ৰপাতি ভাৰতক দিয়া হ'ব।

এই সামৰিক সহযোগিতাৰ বৃদ্ধিয়ে ভাৰতৰ সামৰিক শক্তি কিছু বৃদ্ধি কৰিব বুলিও বিভিন্ন বিশ্লেষকে মত প্ৰকাশ কৰিছে। মটেৰা ষ্টেডিয়ামত এই চুক্তি সন্দৰ্ভত ট্ৰাম্পে ঘোষণা কৰিছিল যে, 'আমি সামৰিক সহযোগিতা বৃদ্ধিৰ জৰিয়তে কিছুমান উত্তম আৰু বিশ্বৰ অতি শক্তিশালী সমৰাষ্ট্ৰ ভাৰতক যোগান ধৰিব বিচাৰিছো। এই পৰ্যন্ত আমিয়েই বিশ্বৰ আটাইতকৈ শক্তিশালী অস্ত্ৰসমূহ নিৰ্মাণ কৰিছো। এই শ্ৰেষ্ঠতম সামগ্ৰীসমূহ আমি ভাৰতকো যোগান ধৰিম।'

এই ভ্ৰমণকালত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে পাকিস্তানৰ সমৰ্থনত ভাৰতত চলি অহা সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকাৰ স্পষ্ট স্থিতিও ঘোষণা কৰিলে। ভাৰত-পাক সীমান্তত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী সংগঠনসমূহক নিৰ্মূল কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিলে ট্ৰাম্পে।

সীমান্তত সন্ত্ৰাসবাদী নিঃশেষ কৰিবলৈ পাকিস্তানৰ সৈতে কাম কাজ অব্যাহত ৰখাৰ কথাও ক'লে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে মাৰ্কিন সেনা বাহিনীয়ে কৰি থকা এই কাম অতি ক্ষীপ্ৰতাৰে আগবাঢ়িছে বুলি ম'টেৰা ষ্টেডিয়ামত ঘোষণা কৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- সীমান্তৰ সুৰক্ষাৰ অধিকাৰ প্ৰতিখন ৰাষ্ট্ৰৰে আছে। সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী মতাদৰ্শৰ বিৰুদ্ধে ভাৰত-আমেৰিকাই ভৱিষ্যতেও যুঁজ দি যাব।

ট্ৰাম্পে কৰা এই বিভিন্ন ঘোষণাৰ পাছত দিল্লীৰ মাৰ্কিন দ্ৰুতবাসত আয়োজন কৰা সংবাদমেলত 'কা'ৰ সন্দৰ্ভতো মন্তব্য ৰাখে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। লক্ষণীয়ভাৱে 'কা'ক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ পৰা ফালৰি কাটি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- এই বিষয়ক মই আলোচনা কৰিব বিচৰা নাই। এই বিষয়টো মই ভাৰতলৈ এৰিছো। মই আশা কৰিছো ভাৰতবাসীৰ বাবে মোডী চৰকাৰে উচিত সিদ্ধান্তই গ্ৰহণ কৰিব।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে নাগৰিকত্ব সংশোধনী আইনক ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলিহে মন্তব্য কৰিলে। 'কা'ক লৈ কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকিলেও প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা পৃথক আলোচনাত ভাৰতৰ ধৰ্মীয় স্বাধীনতাৰ প্ৰসংগ উত্থাপন হোৱাৰ কথাও উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে মোডীয়ে মুছলমান সকলৰ সৈতে নিবিৰভাৱে কাম কৰি আহিছে বুলিও উল্লেখ কৰে। তেওঁ কয়- প্ৰধানমন্ত্ৰী মোডীয়ে সকলোৰে ধৰ্মীয় স্বাধীনতা বিচাৰে। দিল্লীত সংঘটিত ব্যাপক হিংসাত্মক ঘটনাৱলী প্ৰসংগতো সাংবাদিকে সোধা প্ৰশ্নত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- মই আক্ৰমণৰ কথা শুনিছো। এই বিষয়ক লৈ মই আলোচনা নকৰো। কিয়নো এইটো ভাৰতৰ নিজা বিষয়।

৩৬ ঘন্টীয়া ভাৰত ভ্ৰমণত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে বহুকেইটা ঘোষণাই কৰিলে। ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে বহুকেইটা পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিলে ট্ৰাম্পে। তাৰ ফল কি হয়, আগন্তুক সময়তহে দুয়োখন দেশ বা বিশ্বই প্ৰত্যক্ষ কৰিব। কিন্তু সমগ্ৰ দেশত প্ৰতিবাদ আৰু তেওঁ থাকোতেই দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত তেওঁৰ মন্তব্যই বিৰোধীক সমালোচনাৰ সুৰুঙা প্ৰদান কৰিলে। একাংশই আলোচনা কৰিছে যে, ট্ৰাম্পৰ এই ভ্ৰমণে ভাৰতক কোনোধৰণৰ সকাহ প্ৰদান নকৰাটো নিশ্চিত, তাৰ বিপৰীতে মোডী তথা বিজেপিৰ প্ৰচাৰৰ বাবেহে ট্ৰাম্প ভাৰতলৈ আহিছে।

ট্ৰাম্পৰ এই ভাৰত ভ্ৰমণৰ সময়চোৱাত মোডীক ব্যক্তিগতভাৱে অধিক গুৰুত্ব দিয়া যেনো অনুভৱ কৰা হৈছে। কিয়নো নমস্তে ট্ৰাম্প' অনুষ্ঠানৰ পৰা আদি কৰি যিকেইটা অনুষ্ঠানত ট্ৰাম্পে বক্তব্য ৰাখিছে সকলোতে প্ৰতিটো বাক্যত এবাৰলৈ হ'লেও উচ্চাৰণ হৈছে মোডীৰ নাম। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰত আৰু আমেৰিকাৰ সম্বন্ধতকৈ তেওঁৰ আৰু মোডীৰ সম্বন্ধক বেছি গুৰুত্ব দিয়া যেন পৰিলক্ষিত হ'ল। অৱশ্যে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মোডীয়ে সেই কৃৰ্তিত্ব পোৱাতো কোনো অস্বাভাৱিক নহয়। তথাপিও ট্ৰাম্পৰ সকলো ঘোষণাতে 'ব্যক্তিগতভাৱে মোডীৰ সৈতে আলোচনা কৰা'ৰ দৰে বক্তব্যত সচেতন নাগৰিকক দৃষ্টি পৰিছে। সেয়া যি কি নহ'লেও আমেৰিকাই দৰে সৰ্বশক্তিমান এখন দেশৰ এনে সহযোগিতাই শত্ৰু ৰাষ্ট্ৰৰ মূৰ কামোৰণি হোৱাটো নিশ্চিত।

ভাৰতৰ আভ্যন্তৰীণ বিভিন্ন সমস্যাৰ পৰা আতঁৰি থাকিলেও মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ঘোষণা কৰিলে যে, অহা ৫০ৰ পৰা ১০০ বছৰৰ ভিতৰত বিশ্বৰ গুৰুত্বপূৰ্ণ শক্তি হ'ব ভাৰত। ভাৰতত থকা কালত পাকিস্তানৰ সন্দৰ্ভতো কোনোধৰণ বিশেষ মন্তব্য নকৰিলে ট্ৰাম্পে। বৰঞ্চ দুই নাঁৱত দুভৰি থৈ কাম কৰাৰ দৰে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পাকিস্তানৰ সৈতে কাম কৰি থকাৰ লগতে ভাৰত-পাকিস্তানৰ দুয়োজন প্ৰধানমন্ত্ৰীক ভদ্ৰ লোক বুলি কয়েই এই বিষয়ত বক্তব্য সামৰিলে ট্ৰাম্পে।

ট্ৰাম্পৰ বহু ঘোষণাৰ সমান্তৰালভাৱে মাৰ্কিন কংগ্ৰেছৰ সাংসদে দাবী তুলিলে যে- আমেৰিকাই ভাৰতত কিমান টকা নিয়োগ কৰিছে সেইটোতকৈ ভাৰতৰ জৈৱ পৰিৱেশ বিনষ্ট নোহোৱাকৈ কি কাম কৰিব পাৰিছে সেয়াহ ভাৱক। আমেৰিকাত কৰ্মৰত ৰাষ্ট্ৰদূত মীৰা শংকৰেও ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ পাছত ভাৰত-আমেৰিকাৰ সম্বন্ধক লৈ নিজৰ মত প্ৰকাশ কৰিছে। এক ৰাষ্ট্ৰীয় সংবামাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মীৰাক সোধা হৈছিল যে- পূৰ্বৰ বুশ্ব আৰু ওবামাৰ শাসন কালতকৈ ভাৰত-আমেৰিকাৰ সম্বন্ধ উন্নত হৈছনে? এই প্রশ্নৰ উত্তৰত তেওঁ কৈছিল- বৰ্তমান ভাৰত-আমেৰিকাৰ সম্বন্ধ পূৰ্বতকৈ অধিক ভাল।কিন্তু এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও যি চৰকাৰে নহওঁক ভাৰত-আমেৰিকাৰ সম্বন্ধ উন্নত কৰাৰ ক্ষেত্ৰত সদায়ে চেষ্টা অব্যাহত ৰাখিছিল। এই ক্ষেত্ৰত পূৰ্বৰ চৰকাৰৰ সৈতে তুলনা কৰাতো সাধাৰণতে ভুল বুলি ক'ব পাৰি।

ৰাষ্ট্ৰদূত গৰাকীয়ে লগতে কয়- আমি পাহৰি যোৱাটো ভুল হ'ব যে জৰ্জ বুশ্বৰ শাসনকালৰ সময়তো ভাৰত আৰু আমেৰিকৰা মাজত পৰমানুসন্ধি স্বাক্ষৰিত হৈছিল। ইয়াৰ বাহিৰেও বাৰাক ওবামাই দুবাৰকৈ ভাৰত ভ্ৰমণ কৰাৰ পৰিৱৰ্তে প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো অন্য দেশতকৈ ভাৰতক অধিক গুৰুত্ব দিছে। ওবামাই লগতে ভাৰতক ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ স্থায়ী সদস্যৰ নিযুক্তি দিব লাগে বুলিও মুকলিভাৱে সমৰ্থন কৰিছিল। এন এছ জিতো ভাৰতক যথাসম্ভৱ সমৰ্থন দিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই।

মুঠৰ ওপৰত কব পাৰি যে, ভ্ৰমণৰ কালচোৱাত ঘোষণা কৰা ধৰণেই যদি সকলো কাম আগবাঢ়ে ভাৰত যথেষ্ট লাভৱান হ'ব। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীক আমেৰিকাত বিপুল আদৰণি জনোৱাৰ বাবেই যদি আমেৰিকাৰ ৰাষ্ট্ৰপতিক ভাৰতলৈ মাতি আনি এনে ৰাজকীয় অনুষ্ঠানৰ আয়োজন কৰা হ'ল, তেন্তে ভাৰতৰ কোনো লাভ নহয়। অৱশ্যে ভাষণৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিলে যে, পাঁচমাহৰ পূৰ্বে হিউষ্টনত আয়োজিত 'হাউডী মোডী'ৰ পাছতে 'নমস্তে ট্ৰাম্প'ৰ জৰিয়তে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণ সূচনা হৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ সময়তে ৰাজধানী চহৰ জ্বলি উঠা ঘটনাও এই ভ্ৰমণত কিছু পৰিমাণে প্ৰভাৱ পেলালে। প্ৰথম পৰ্যায়ত কোনো কথা জনা নাছিল যদিও পৰিস্থিতি অধিক বেয়া হোৱাৰ লগে লগে ট্ৰাম্পৰ কাণতো পৰেগৈ দিল্লীৰ ঘটি থকা ঘটনা। কা'ক ৰণক্ষেত্ৰলৈ পৰিণত হোৱা দিল্লীত বৰ্তমানৰ লৈকে ২৭ গৰাকীৰো অধিক লোক নিহত হৈছে। প্ৰায় ২ শতাধিক লোক চিকিৎসাধীন। ট্ৰাম্প ভাৰতত থকাৰ সময়ত নৰম হৈ থকা কেন্দ্ৰীয় চৰকাৰে ট্ৰাম্প আমেৰিকামুখী হোৱাৰ লগে লগেই কঠোৰ হয়। ৰাষ্ট্ৰীয় নিৰাপত্ত উপদেষ্টা অজিত ডোভালক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰাৰ পাছতে বুধবাৰে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু ট্ৰাম্প থকা সময়তে ৰাজধানী দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে কিছু পৰিমাণে হ'লেও কেন্দ্ৰৰ কিছু ব্যৰ্থতা ধৰা পৰিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ সন্মুখত।