মুখ্য-পৃষ্ঠা

আমেৰিকা যুক্তৰাষ্ট্ৰ-নাটো বাহিনীক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি পুটিনৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এইবাৰ আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহলৈ ৰঙা চকু পুটিনৰ। বৃহস্পতিবাৰে ৰাছিয়াৰ সংসদৰ পৰা দেশবাসীক সম্বোধন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহক পাৰমাণৱিক যুদ্ধৰ ভাবুকি প্ৰদান কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। নাটো দেশসমূহে ইউক্ৰেইনলৈ সেনা প্ৰেৰণ কৰি পাৰমানৱিক যুদ্ধ হ’ব পাৰে বুলি সকীয়নি প্ৰদান কৰে পুটিনে।

ৰাছিয়াৰ সংসদত দেশবাসীক সম্বোধন কৰাৰ সময়ত পুটিনে কয় যে ৰাছিয়াৰ আভ্যন্তৰীণ বিষয়ত কাকো হস্তক্ষেপ কৰিবলৈ দিয়া নহয়। তেওঁ কয় যে কোনোৱে ৰাছিয়াক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। সেয়া দ্বিতীয় বিশ্বযুদ্ধতকৈও ভয়াৱহ হ’ব। পুটিনে লগতে কয় যে বেছিভাগ ৰাছিয়াৰ নাগৰিকে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ “বিশেষ সামৰিক অভিযান”ক সমৰ্থন কৰে। ইয়াৰ উপৰিও সেনাৰ শক্তি এতিয়া বহুগুণে বৃদ্ধি পাইছে বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুসপ্তাহ পূৰ্বে সংসদত ভাষণ দি এইদৰে মন্তব্য কৰে ভ্লাদিমিৰ পুটিনে। বিগত এটা দশকৰো অধিক সময় ধৰি ৰাছিয়াত ক্ষমতা দখল কৰি থকা ৰাষ্ট্ৰপতি পুটিনে দাবী কৰে যে পশ্চিমীয়া দেশসমূহে ৰাছিয়াক ভিতৰৰ পৰা দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে। আমেৰিকাই ৰাছিয়াক কৌশলগতভাৱে পৰাজিত কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে পুটিনে। আনহাতে তেওঁ দেশখনৰ অৰ্থাৱস্থাৰ বিষয়ে মন্তব্য কৰি কয় যে অদূৰ ভৱিষ্যতে বিশ্বৰ চাৰিখন বৃহত্তম অৰ্থনীতিৰ ভিতৰত অন্যতম হ’ব ৰাছিয়া।