uriyamghat
uriyamghat 
মুখ্য-পৃষ্ঠা

উৰিয়ামঘাট বে-চৰকাৰী বাছ আস্থান সমিতিৰ গাড়ী ভাড়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ উৰিয়ামঘাট-সৰুপথাৰৰ যাত্ৰীৰ যাতায়তৰ ভাড়া সন্দৰ্ভত গোলাঘাট জিলা সম্মিলিত মটৰ পৰিবহন সন্থা উৰিয়ামঘাট শাখা সমিতি আৰু উৰিয়ামঘাট বে-চৰকাৰী বাছ আস্থানৰ সমিতিৰ বিশেষ গুৰুত্ব প্ৰদান।

সমিতিয়ে উল্লেখ কৰে যে, ক'ভিডৰ সময়ত গাড়ীৰ আসনৰ বিপৰীতে যাত্ৰী কমকৈ নিবৰ বাবে চৰকাৰে নিদ্দেৰ্শনা জাৰি কৰিছিল। সেই সময়ত যাত্ৰী সকলৰ পূৰ্বৰ তুলনাত অধিক ভাড়া সংগ্ৰহ কৰিছিল। তাৰোপৰি বিগত সময়ত তেলৰ দাম বৃদ্ধি হোৱাৰ বাবেও যাত্ৰীসকলৰ ভাড়া বৃদ্ধি কৰিছিল।

সৰুপথাৰ পৰা উৰিয়ামঘাটলৈ যাত্ৰীয়ে যাতায়তৰ বাবদ বৰ্তমান সাধাৰণ যাত্ৰীয়ে দিব লাগে ৫০ টকা আৰু ছাত্ৰ-ছাত্ৰীয়ে দিব লাগে ৪০ টকা গাড়ীৰ ভাড়া। যাৰ ফলত বিদ্যালয়-মহাবিদ্যালয়ত ছাত্র-ছাত্ৰীয়ে আধাতে শিক্ষা এৰিবলগীয়া হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত দ্ৰুত গতিত বৃদ্ধি হোৱা দেখা গৈছে।

দুৰত্ব অনুপাতে গাড়ীৰ ভাড়া অধিক হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি সমিতি দুখনে দুৰ্গা পূজাৰ পূৰ্বেই ভাড়াৰ ক্ষেত্ৰত এখন তালিকা প্ৰস্তুত কৰি ৰাজহুৱা কৰিছিল। কিন্তু একাংশ অসাধু যাত্ৰীৰ ভাড়া সংগ্ৰহকাৰীয়ে প্ৰশাসন আৰু সমিতিৰ সিদ্ধান্তক বুঢ়া আঙুলি দেখুৱাই ক'ভিড কালৰ ভাড়া লৈ সাধাৰণ যাত্ৰী সকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। তৰোপৰি একাংশ গাড়ীয়ে বেলি ডুবাৰ পিছতেই যাত্ৰীৰ পৰা ভাড়া দুগুন বৃদ্ধি কৰে বুলিও অভিযোগ উত্থাপন হয়।