মুখ্য-পৃষ্ঠা

বিটিচিৰ অবৈধ নিযুক্তিৰ বিৰুদ্ধে সৰৱ ইউপিপিএল, বিজ্ঞাপন-সাক্ষাৎকাৰ নোহোৱাকৈ নিযুক্তিৰ অভিযোগ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ পিছতে শুকুৰবাৰে ইউপিপিএলৰ মুখপাত্ৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে বিটিচি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা এক সংবাদমেলত ইউপিপিএলৰ মুখপাত্ৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে কয় যে, বিটিচি চৰকাৰৰ সমবায় দপ্তৰত নিযুক্তিৰ নামত ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে।

সংবাদমেলত পৃথ্বীৰাজ নাৰায়ন দেৱে তথ্য দাঙি কৰি কয় যে, ২০১৫ চনত (মেমো নং CKAE(BTC) 06/2014-15/93) যি ১৪ জন কনিষ্ট পৰিদৰ্শক সমবায় দপ্তৰত বিটিচি চৰকাৰে নিযুক্তি দিছিল সেয়া সম্পূৰ্ণৰূপে অবৈধ কিয়নো নিযুক্তিৰ নামত বিভাগীয় কোনো নীতি নিয়ম মানি চলা হোৱা নাছিল। সমবায় দপ্তৰৰ উক্ত কনিষ্ট পৰিদৰ্শকৰ পদত কোনো ধৰণৰ বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনে অবৈধভাৱে বিটিচি চৰকাৰে নিযুক্তি প্ৰদান কৰিছিল বুলি দাবী কৰি ইউপিপিএলৰ মুখপত্ৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে নিযুক্তিৰ নামত বিটিচিত ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে বুলি দাবী কৰিছে।
আনহাতে বিপিএফৰ জেষ্ঠ্য নেতা প্ৰবীণ বড়োক বলিৰ পঠা সজাই হাগ্ৰামা মহিলাৰীয়ে কৰা কূট-কৌশলকো গৰিহণা দিয়ে ইউপিপিএলৰ মুখপত্ৰ পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে।