মুখ্য-পৃষ্ঠা

এবিএমছুৰ প্ৰতিষ্ঠাপক মহিবুৰ ইছলামকে ধৰি শতাধিকৰ যোগদান ইউপিপিএলত…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অনিশ্চয়তাৰ গৰ্ভত সোমাই পৰা বিটিচিৰ নিৰ্বাচন কেতিয়াকে অনুষ্ঠিত হব সেয়া অদ্যপি নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও বিটিচিৰ ক্ষমতা দখলৰ বাবে ৰাজনৈতিক দলসমুহৰ তৎপৰতা অব্যাহত আছে । নিৰ্বাচনীমুলক তৎপৰতাৰ মাজতে আজি এবিএমছুৰ প্ৰতিষ্ঠাপক মহিবুৰ ইছলাম ওৰফে ৰাতুলকে ধৰি আন ১৩০জনে ইউপিপিএলত দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে ।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ মাগুৰমাৰীত অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ যোগদান সভাত আজি এবিএমছুৰ প্ৰতিষ্ঠাপক মহিবুৰ ইছলাম ওৰফে ৰাতুল , এবিএমছুৰ উপদেষ্ঠা ছইবুল হক , বিপিএফৰ স্থানীয় নেতা মনোৱাৰ ইছলাম আদিকে ধৰি শতাধিক লোকে ইউপিপিএল দলত যোগদান কৰে ।

মাগুৰমাৰীত অনুষ্ঠিত হোৱা ইউপিপিএলৰ দলীয় যোগদান সভাত অংশগ্ৰহণ কৰি ইউপিপিএলৰ উপ সভাপতি তথা ১৫ নং কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰৌণগৌৰা নাৰ্জাৰীয়ে ইউপিপিএলে বৰ্তমানলৈকে ইউপিপিএলে ২৬ টা সমষ্টিত জিকি আছে যদিও ইউপিপিএলে ৩০ টাৰো অধিক সমষ্টিত নিৰ্বাচন জিকাৰ লক্ষ্য স্থিৰ কৰি লৈছে । আজিৰ নিৰ্বাচনী সভাত ইউপিপিএলৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মও উপস্থিত আছিল ।