মুখ্য-পৃষ্ঠা

বিপিএফৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, ইউ পি পি এলৰ আদৰণি…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিত ৰাজ্যপালৰ শাসনক প্ৰত্যাহ্বান জনাই বিপিএফৰ নেৰশ্বন বড়ো আৰু জগদীশ সৰকাৰে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা WT(C) 2143/2020 নম্বৰৰ লেখ আৱেদন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত নিৰ্বাচন সম্পন্ন নোহোৱা পৰ্যন্ত বিটিচিত ৰাজ্যপাল শাসন বৰ্তি থকাটো প্ৰায় নিশ্চিত হ'ল ।

মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত বিপিএফে মুখথেকেচা খোৱাৰ পিছতে ইউপিপিএল দলে নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাই এয়া ৰাইজৰ জয় বুলি অভিহিত কৰিছে ।এই ৰায়দান সত্যৰ জয় , এই ৰায়দান দূৰ্নীতি -ভ্ৰষ্টাচাৰ , স্বৈৰাচাৰী আৰু একনায়ত্বৰ বিৰুদ্ধে জয় বুলি মন্তব্য কৰি ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে বিপিএফ হৰাটো আৰম্ভ হ'ল বুলিও তাপপৰ্যপূৰ্ণ মন্তব্য কৰে ।

বিপিএফক ৰাইজে অভিশাপ দিছে আৰু এয়া তাৰেই প্ৰতিফলন বুলি মন্তব্যৰে ৰাইজৰ উৰ্ধত কোনো নহয় বুলি পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে মন্তব্য কৰিছে । নিৰ্বাচনৰ খৰছ উলিয়াবলৈ হে বিপিএফে পুণৰাই শাসন ক্ষমতাত থকাটো বিচাৰিছিল আৰু যাৰ পৰিণতিতে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আৱেদন দাখিল কৰিছিল বুলিও মন্তব্য কৰিছে ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে ।