মুখ্য-পৃষ্ঠা

পাহাৰৰ একা-বেকা বাটেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, চাওক VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ সপ্তদশ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান সমাপ্ত হোৱা পাছতে শনিবাৰে পুৱাই উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কেদাৰনাথ মন্দিৰত পূজা-অৰ্চনা কৰাৰ পাছতে মন্দিৰৰ চৌহদত মোডীক চাবলৈ পুৱাৰে পৰা অপেক্ষা কৰি থকা তীৰ্থযাত্ৰী সকলক অভিবাদন জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

খবৰ অনুসৰি, বহু সময় ধৰি কেদাৰনাথৰ গুহাত ধ্যানো কৰিলে মোডীয়ে। কেদাৰনাথৰ মূল গুহালৈ খোজেৰেই যাত্ৰা কৰিলে মোডীয়ে। মন্দাকিনী নদীৰ কাষেৰে প্ৰায় ২ কি:মি: পথ পাহাৰ বগাই নিৰাপত্তাৰক্ষীৰ সৈতে কেদাৰনাথৰ মূল ধ্যানস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।

শনিবাৰে উত্তৰাখণ্ডতে কটাব মোডীয়ে। দেওবাৰে পুৱাই বদৰীনাথলৈ ৰাওনা হ'ব নৰেন্দ্ৰ মোডী। উল্লেখ যোগ্য যে, কেদাৰনাথলৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে জৰুৰীকালীন সকলো সেৱা সাজু কৰি ৰখা হৈছে।