মুখ্য-পৃষ্ঠা

চোৰাংচোৱা ভুল তথ্যঃ নাগালেণ্ডত সেনাৰ পেৰা কমাণ্ডোৰ গুলীবৰ্ষণত ১৪ গৰাকী নিৰীহ গাওঁবাসীক হত্যা…

asomiyapratidin

ৱাখাৰ পৰা মন্টুছ কোঁৱৰঃ চোৰাংচোৱা ভুল তথ্যৰ শনিবাৰে বিয়লি সেনাৰ পেৰা কমাণ্ডোৰ এম্বুশত নাগালেণ্ডৰ ম'ন জিলাৰ অটিঙ গাঁৱৰ ১৪ গৰাকীকৈ নিৰীহ গাওঁবাসীৰ নিহত হোৱা ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । এক টুইট যোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় -নাগালেণ্ডৰ অটিঙত হোৱা দুৰ্ভাগ্যজনক ঘটনাত যিসকলে প্ৰাণ হেৰুৱালে, মই অতি দুখ পাইছো । ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে এক উচ্চ পৰ্যায়ৰ এছ আই টি গঠন কৰি তদন্ত কৰিব , যাতে পীড়িত পৰিয়ালে শীঘ্ৰে ন্যায় পায়। উল্লেখযোগ্য যে সমগ্ৰ দেশ কঁপাই যোৱা ভাৰতীয় সেনাৰ এনে কাৰ্যক নিন্দা কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে । তেওঁ এই ঘটনাৰ বাবে এছ এ আই টি গঠন কৰাৰ কথা ঘোষণা কৰিছে ।

ৰিঅৱে কয় দোষীয়ে আইন অনুসৰি ন্যায় লাভ কৰিব । মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলোকে শান্তি – শৃংখলা বজাই ৰাখিবলৈ আহবান জনাইছে । ইফালে অটিঙ সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণ ঘটনাৰ নিহতৰ সংখ্যা প্ৰায় ১৪ গৰাকী লৈ বৃদ্ধি পাইছে । ইয়াৰে এজনৰ ভৰিত গুলী লাগি গুৰুত্বভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে । আনহাতে এতিয়াও দুজন গাওঁবাসী সন্ধানহীন হৈ আছে । সেনাৰ গুলীত নিহত ব্যক্তিসকল হ'ল– নগামফো , লাঙলুন, মামপেই, হকুপ, লংৱাঙ , ছমৱাঙ, থাপৱাঙ, এছ খাঙহৱাঙ, থাকৱাঙ, ছেইৱাঙ, পাওকাম, ইনজুঙ, আৰু পেপন।

জানিব পৰাৰ মতে ম'ন জিলাৰ সেনাৰ গুলীবৰ্ষণ ঘটনাটো চোৰাংচোৱাৰ ভুল তথ্যৰ বাবে সংঘটিত হয় । চোৰাংচোৱাই সেনাৰ পেৰা কমাণ্ডোক এখন বগা বাহনত সন্দেহজনক এন এছ চি এন ( ৱাই এ) গোটৰ কেডাৰ যোৱা বুলি তথ্য যোগান ধৰিছিল । সেই তথ্য আধাৰত সেনাই তিৰু-অটিঙ পথত এম্বুশ পাতি পিক আপ ট্ৰাকখন ৰ'বলৈ নিৰ্দেশ দিছিল যদিও বাহন নোৰোৱাত সেনাই ধাৰাসাৰ গুলীবৰ্ষণ কৰে । ফলত অটিঙ গাঁৱৰ কন্যাক জনগোষ্ঠীৰ ১৪ জন লোক থিতাতে নিহত । এই ঘটনাৰ পিছতে গাওঁবাসী ক্ষুব্ধ হৈ সেনাৰ দুখনত অগ্নি সংযোগ কৰি জ্বলাই দিয়ে ।

ইফালে সেনাৰ এনে নিৰীহ গাওঁবাসীৰ হত্যাত ক্ষুব্ধ হৈ পৰিছে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচন আৰু কন্যাক ইউনিয়ন । তেওঁলোকে আজি কিছামাত অনুষ্ঠিত হৈ থকা হৰ্নবিল উৎসৱৰ কাৰ্যসূচী বাতিল কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । হৰ্নবিল উৎসৱত কন্যাক জনগোষ্ঠীৰ মুৰং ঘৰত এই গণহত্যাৰ প্ৰতিবাদ জনাই পষ্টাৰ আঁৰি দিয়া হৈছে। ইফালে নাগালেণ্ডৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে হৰ্নবিল উৎসৱ আজিৰ পঞ্চম দিনাৰ কাৰ্যসূচীৰ আৰম্ভ হোৱা পূৰ্বে গুলীবৰ্ষণ নিহতসকলক শ্ৰদ্ধা জনাই এক মৌন প্ৰাৰ্থনা জনায়। মন জিলাৰ শনিবাৰৰ ঘটনাৰ আজি ব্লেক ছানডে হিচাপে অভিহিত কৰি সমগ্ৰ নাগালেণ্ডত পালন কৰিছে ।