মুখ্য-পৃষ্ঠা

বানৰ সন্ত্ৰাসঃ মহাৰাষ্ট্ৰত ৩০, কেৰালাত ৪২, কৰ্ণাটকত ১০ জন লোকৰ মৃত্যু…

asomiyapratidin

ডিজিটেস ডেস্কঃ দেশৰ দক্ষিণ প্ৰান্তৰ ৰাজ্যসমূহত অব্যাহত আছে বানৰ সন্ত্ৰাস। প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানৰ ফলত এতিয়াতৈকে মহাৰাষ্ট্ৰত ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে। ইফালে ভয়ংকৰ বানত কেৰালাত ৪২ জন আৰু কৰ্ণাটকত প্ৰায় ১০ জন লোক মৃত্যুমখত পৰিছে।

ৰাজ্যকেইখনত নৌ সেনা, বায়ু সেনা, এন ডি আৰ এফকে ধৰি কেইবাটাও দলে বানাক্ৰান্তসকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে।

বিগত ৬ টা দিন ধৰি মহাৰাষ্ট্ৰত চলি আছে বানৰ সন্ত্ৰাস। ৰাজ্যখনৰ সাতাৰা, সাঙ্গুলী, কৌল্হাপুৰ জিলা সম্পূৰ্ণ ৰূপে এতিয়াও পানীৰ তলত। ইফালে কৰ্ণাটকত অলমট্টী বান্ধে এৰি দিছে পানী। ৰাজ্যখনত বৰষুণৰ পৰিমান কমিছে যদিও পানীৰ স্তৰ হ্ৰাস পোৱা নাই।

চৰকাৰী হিচাপমতে ৰাজ্যখনৰ প্ৰায় ২ লাখ ৮৫ হাজাৰ লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। বান বিধ্বস্ত অঞ্চলবোৰত চৰকাৰী কৰ্মচাৰীৰ ছুটীয়ো বাতিল কৰিছে চৰকাৰে।

ইফালে প্ৰৱল বৃষ্টিপাতৰ ফলত গুজৰাটত প্ৰথমবাৰৰ বাবে পানী এৰিলে সৰদাৰ সৰোবৰ বান্ধে। শুকুৰবাৰে এৰি দিয়া এই বান্ধটোৰ পানীৰ স্তৰ হৈছে প্ৰায় ১৩১ মিটাৰ। এই স্তৰৰ ওপৰেৰে পানী বোৱাৰ বাবে এৰিব লগা হৈছে বান্ধটোৰ পানী।