মুখ্য-পৃষ্ঠা

ঘৰতে বহি কেনেকৈ শুধৰণি কৰিব পাৰি পান কাৰ্ড, জানিবলৈ পঢ়ক…

asomiyapratidin
ডিজিটেল সংবাদঃ প্ৰায়বোৰ কামতে প্ৰয়োজন হয় পান কাৰ্ড। শেহতীয়াকৈ আধাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডক সংযুক্ত কৰাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ বাবে সময়সীমা ২০১৯ চনৰ ৩০ চেপ্টম্বৰলৈ বৃদ্ধি কৰা হৈছে।
পান কাৰ্ডখন যেতিয়া নতুনকৈ প্ৰস্তুত কৰা হয় কিছুমান ভুল হোৱা দেখা যায়। বহুসময়ত পানকাৰ্ড খনৰ গৰাকীৰ নামো অশুদ্ধ হোৱাৰ নজিৰো আছে। কিন্তু এই ভুল হোৱাৰ পাছত আপুনি ঘৰতে বহি কৰিব পাৰে পান কাৰ্ডৰ শুধৰণি। ইয়াৰ বাবে আছে এক বিশেষ ব্যৱস্থা।
  • প্ৰথমে আপুনি আপোনাৰ মোবাইলত ডাউনলড কৰিব লাগিব উমঙ্গ  (UMANG) এপটো।
  • ইয়াৰ পাছতে আপুনি ব্যৱহাৰ কৰি থকা মোবাইল নাম্বাৰৰ জৰিয়তে লগ ইন কৰিব লাগিব। স্কীণত দেখা পাব মাই পান নামৰ বুটাম, তাত ক্লিক কৰক।
  • ক্লিক কৰাৰ লগতে এটা নতুন পেজ মুকলি হ'ব। তাত পান কাৰ্ড সম্বধীয় কিছু তথ্য দেখা পাব। তাৰ ভিতৰতে থাকিব শুধৰণিৰ এটা বুটাম।
  • চি এছ এফ নামৰ এটা বুটামত ক্লিক কৰাৰ পাছত শুধৰণিৰ অপচন দেখা পোৱা যাব। তাত পান কাৰ্ডৰ নম্বৰ আৰু অন্য যাৱতীয় তথ্য দিব লাগিব।
  • ইয়াৰ পাছতে এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে দিব লাগিব এটা মাচুল। ডেবিট, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে এই মাচুল আপুনি পৰিশোধ কৰিব লাগিব।