মুখ্য-পৃষ্ঠা

উপ-নিৰ্বাচনঃ মমতাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰক্ষেপ নকৰে প্ৰাৰ্থী, মুখ্যমন্ত্ৰীত্বৰ বাবে বিজয় অপৰিহাৰ্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ আগন্তুক উপনিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। সূত্ৰ অনুসৰি,এই উপ-নিৰ্বাচনত কংগ্ৰেছ দলে মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰদান নকৰে। ভৱানীপুৰ বিধানসভা সমষ্টিত ৩০ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হৈ থাকিবলৈ এই নিৰ্বাচনত জয়ী হ'ব লাগিব।

সূত্ৰ অনুসৰি, কংগ্ৰেছ দলে এক প্ৰকাৰে ভৱানীপুৰ বিধানসভা সমষ্টিত মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ নকৰি কেন্দ্ৰত বিৰোধী ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিব। মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ দিল্লী ভ্ৰমণ কৰাৰ সময়ত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল।

নিৰ্বাচন আয়োগে শনিবাৰে পশ্চিম বংগ আৰু উৰিষ্যাৰ বিধানসভাৰ কেইবাটাও সমষ্টিৰ উপ-নিৰ্বাচন ঘোষণা কৰিছে। পশ্চিম বংগৰ ভৱানীপুৰ বিধানসভা সমষ্টিকে ধৰি ২ টা সমষ্টি আৰু উৰিষ্যাৰ এটা সমষ্টিৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰিছে।