মুখ্য-পৃষ্ঠা

স্বামীৰ সৈতে ফোনত ব্যস্ত আছিল মহিলা, বিচনাত বাহ লৈছিল দুডাল সাপে, তাৰ পিছত…

asomiyapratidin

ডিজিটেল ডেস্কঃ 'দেখিলে বাঘে খাই, লেখিলে সাপে খায়'- সেই কথা আকৌ এবাৰ প্ৰমাণ হ'ল উত্তৰপ্ৰদেশৰ গৌৰখপুৰত। বুধবাৰে গৌৰখপুৰৰ ৰিয়ানানগৰত সংঘটিত হ'ল এক কৰুণ ঘটনা। এগৰাকী মহিলাই সেই সময়ত বিদেশত থকা স্বামীৰ সৈতে ম'বাইলত বাৰ্তালাপ কৰি আছিল।

ঘৰৰ বাহিৰত স্বামীৰ সৈতে বাৰ্তালাপ কৰি থকা মহিলাগৰাকীয়ে কথা পাতি পাতিয়ে সোমাই আহিছিল শোৱনী কোঠালৈ। কাণত ম'বাইলটো লৈয়ে তেওঁ বহিছিল বিচনাত। কিন্তু তেতিয়াই ঘটি গ'ল অঘটন। মহিলাগৰাকীয়ে ভবা নাছিল তেওঁৰ বিচনাত আশ্ৰয় লৈ আছে দুটাকৈ সাপে।

বিষাক্ত সাপৰ দংশনত মহিলাগৰাকী কেইমুহূৰ্তমানৰ ভিতৰতে মৃত্যুক সাৱতি লয়। চুবুৰীয়াই পিছত মহিলাগৰাকীক উদ্ধাৰ কৰোতে বিচনাত দেখা পাইছিল সাপ দুটা। মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও, তেতিয়ালৈ বহু পলম হৈ গৈছিল।

উল্লেখযোগ্য যে, মহিলাগৰাকীৰ নাম গীতা আৰু তেওঁৰ স্বামীৰ নাম জয় সিং। কৰ্মসূত্ৰে থাইলেণ্ডত থাকে গীতাৰ স্বামী। এই কৰুণ ঘটনাই ঠান-বান কৰি পেলালে এখন সোণৰ সংসাৰ। সৰ্পদংশনত মৃত্যু হোৱা পত্নীৰ খবৰ শুনিয়েই শোক বিব্বল হৈ পৰে স্বামী ।