মুখ্য-পৃষ্ঠা

বলে’ৰ জীপত খুন্দা মাৰিলে বাছে, নিহত ৯জন, আহত ৩০…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ পলিভিতত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। পলিভিত জিলাৰ পুৰণপুৰত শনিবাৰে এখন বলেৰ' জীপত খুন্দা মাৰে বাছে। এই দুৰ্ঘটনাত ৯জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইফালে, আহত হৈছে প্ৰায় ৩০জনকৈ লোক। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আহত লোকসকলক স্থানীয় হাস্পতাললৈ লৈ যায়।

এই দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। লগতে মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাস্থলীত আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। উল্লেখ্য যে, দুৰ্ঘটনাত থিতাতে ৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজনৰ চিকিৎসালয়ত মৃত্যু হয়।