মুখ্য-পৃষ্ঠা

ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী দৃশ্য। এটা কুকুৰৰ মুখত এটি নৱজাতক। নৱজাতকটিৰ মুৰত কামুৰি ৰাজপথত ঘূৰি ফুৰিছে কুকুৰটো। মানৱতাক ভূলুন্ঠিত কৰা এই ঘটনা সংঘটিত হ'ল উত্তৰ প্ৰদেশৰ পডৰৌণা নগৰত। মঙলবাৰে দিনৰ প্ৰায় ১১ বজাত নগৰৰ ৰাজপথত কুকুৰৰ মুখত নৱজাতকটি প্ৰত্যক্ষ কৰি আচৰিত হ'ল সকলো।

প্ৰায় ৩০ মিনিট ধৰি নগৰৰ ৰাজপথতে মুখত নৱজাতকটো লৈ ঘূৰি ফুৰিছিল কুকুৰটো। অৱশেষত কেইজনমান যুৱকে কুকুৰটোৰ মুখৰ পৰা নৱজাতক টিক উদ্ধাৰ কৰে যদিও ইতিমধ্যে নৱজাতকটিৰ মৃত্যু হৈছিল। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ পডৰৌণা অঞ্চলত। নগৰৰ চি চি কেমেৰাতো বন্দী হৈছে এই শিহৰণকাৰী দৃশ্য।