মুখ্য-পৃষ্ঠা

কোৰোনাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ শিক্ষামন্ত্ৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশ চৰকাৰৰ শিক্ষামন্ত্ৰী কমলৰাণী বৰুণৰ মৃত্যু। কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ লক্ষ্ণৌৰ সঞ্জয় গান্ধী পিজিআইত চিকিৎসাধীন হৈ আছিল কমলৰাণী। কমলৰাণী বৰুণৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে অযোধ্যাৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছে।

উত্তৰ প্ৰদেশৰ চৰকাৰী সুত্ৰত প্ৰকাশ পোৱা অনুসৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ নিউমোনিয়া ৰোগতো আক্ৰান্ত হৈছিল কমলৰাণী।

চিকিৎসকে সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ ফলতো দেওবাৰে মৃত্যুক আকোৱালী লয় কমলৰাণীয়ে। কোৰোনাত আক্ৰান্ত হোৱাৰ আগতে কমলৰাণী মধুমেহ, উচ্চ ৰক্তচাপ আৰু থাইৰয়দ ৰোগত ভূগি আছিল।

প্ৰায় দহ দিন কোৰোনাৰ সৈতে যুঁজ দি অৱশেষত দেওবাৰে পুৱা ৯ বজাত মৃত্যুক সাৱটিলে উত্তৰ প্ৰদেশ চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী কমলৰাণী বৰুণে। উল্লেখ্য যে কমলৰাণীৰ ছোৱালীও কোৰোনাত আক্ৰান্ত হৈছিল যদিও পাছলৈ তেওঁ কোভিড নিগেটিভ হয়।