মুখ্য-পৃষ্ঠা

১২৮ কোটি টকাৰ বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে এজন বৃদ্ধই…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিদ্যুৎ বিভাগৰ এখন বিল দেখি চকু কপালত উঠিছে এজন বৃদ্ধৰ। বিদ্যুৎ বিভাগে তেওঁক প্ৰদান কৰা বিল খন লৈ তেওঁ বাৰে বাৰে উপস্থিত হৈছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত। কাকুতি মিনতি কৰিছে যে তেওঁক বিল প্ৰদান কৰা বিলখন এবাৰ পৰ্যবেক্ষণ কৰি চাওক। কিন্তু বিদ্যুৎ বিভাগে বাৰে বাৰে তেওঁক এটাই কথা শুনায়- যদি তেওঁ লাভ কৰা বিদ্যুতৰ সমূলি বিল পৰিশোধ নকৰে, তেন্তে তেওঁৰ ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব।

বিদ্যুৎ বিভাগৰ এই নিৰ্দেশৰ পিছত এতিয়া মূৰে কপালে হাত দিছে ছামীম নামৰ বৃদ্ধজনে। কিয়নো তেওঁ লাভ কৰা বিদ্যুতৰ বিল হাজাৰ বা লাখৰ ঘৰত নহয়। তেওঁ লাভ কৰিছে ১২৮ কোটি টকাৰ এখন বিল। বিদ্যুৎ বিভাগে তেওঁলৈ প্ৰেৰণ কৰা বিলখনত বৃদ্ধজনে এমাহত ২ কিলোৱাট বিদ্যুৎ ব্যৱহাৰ কৰা দেখুৱাইছে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ হাপুড়স্থিত চামৰি গাঁৱত ঘৰ ছামীম নামৰ বৃদ্ধ লোকজনৰ। বিদ্যুৎ বিভাগে তেওঁ ঘৰত ব্যৱহাৰ কৰা বিদ্যুতৰ বিল প্ৰদান কৰাৰ পিছতে সেইখন লৈ তেওঁ প্ৰায় প্ৰতিদিননেই অভিযোগ দাখিল কৰিবলৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ গৈছে যদিও বিদ্যুৎ বিভাগৰ কোনো কৰ্মীয়ে তেওঁৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই। বৰং বিদ্যুৎ বিভাগে বৃদ্ধ ছামীমক লাভ কৰা বিদ্যুৎ বিল পৰিশোধ কৰিবলৈহে নিৰ্দেশ দিছে। অন্যথা ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব বুলিও জনাইছে।

'মই ভাৱো গোটেই চহৰখনৰ বিলেই মোক দিছে। মোৰ ঘৰত এখন ফেন আৰু দুটা বাল্ব জ্বলে। তাৰ বিল মই লাভ কৰিছো ১২৮ কোটি। কোনেও মোৰ কথা শুনিব নিবিচাৰে অথবা বিদ্যুৎ বিভাগৰ ভুলৰ বাবে গোচৰ ৰুজুও কৰিব নিবিচাৰে। এনে অৱস্থাত এতিয়া মই কি কৰিম? ইমান টকা মই ক'ৰ পৰা দিম?' -এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ছামীম নামৰ লোকজনে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশ বিদ্যুৎ বিভাগৰ এয়াই প্ৰথম ভুল নহয়। ইয়াৰ পূৰ্বেও কেইবাজনো ব্যক্তিক ভুল বিল প্ৰদান কৰি সমালোচিত হৈছিল যোগী চৰকাৰৰ বিদ্যুৎ বিভাগ। জানুৱাৰী মাহত এজন সাধাৰণ অট' চালকক ১০২ কোটি টকাৰ বিদ্যুৎ বিল প্ৰদান কৰিছিল। মাৰ্চতো সংঘটিত হৈছিল এনে অনুৰূপ ঘটনা। অৱশ্যে সেই কেইবাৰ বিদ্যুৎ বিভাগে নিজৰ ভুল স্বীকাৰ কৰি তাৰ সংশোধন কৰিছিল যদিও এইবাৰ ছামীম নামৰ বৃদ্ধ লোকজনক প্ৰদান কৰা বিল সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাক লৈ পুনৰ সোমালচিত হৈছে বিদ্যুৎ বিভাগটো।