মুখ্য-পৃষ্ঠা

উত্তৰ প্ৰদেশৰ সীতাপুৰত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৮

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সীতাপুৰত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। লখিমপুৰ-সীতাপুৰ সংযোগী পথত হোৱা এই দুৰ্ঘটনাত নিহত হৈছে ৮ জনকৈ লোক। ২৪ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন।

প্ৰাপ্তখবৰ অনুসৰি এখন বিয়াৰ বৰযাত্ৰী কঢ়িওৱা টেক্টৰে খুন্দা মাৰে এখন ট্ৰাকত। ঘটনাটোত থিতাতে নিহত হয় ৬ জন লোক। পুৱাৰ ভাগলৈ মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে।