মুখ্য-পৃষ্ঠা

হাথৰছ ধৰ্ষণকাণ্ডঃ মাজনিশা পীড়িতাৰ অন্ত্যেষ্টিক্ৰিয়া কৰাৰ কাৰণ দৰ্শালে উত্তৰপ্ৰদেশ চৰকাৰে…

asomiyapratidin

ডিজিটেল ডেস্কঃ হাথৰছৰ ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত উত্তৰপ্ৰদেশ চৰকাৰে মঙলবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰে শপতনামা। য'ত লিখিত ৰূপত কোৱা হৈছে যে, ধৰ্ষণকাণ্ডক লৈ চিবিআইয়ে তদন্ত চলোৱাৰ নিৰ্দেশ জাৰি কৰিব লাগে। লগতে চৰকাৰে ন্যায়ালয়ক কয় যে, ১৪ ছেপ্টেম্বৰত এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিছিল।

উত্তৰপ্ৰদেশ চৰকাৰে  মাজনিশা পীড়িতাগৰাকীৰ মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ কাৰণো দৰ্শাই সৰ্বোচ্চ ন্যায়ালয়ক। চৰকাৰে জনাই যে, গোপন সূত্ৰই সদৰী কৰা অনুসৰি এই ঘটনাক লৈ পিছদিনা পুৱাই প্ৰতিবাদ তথা হিংসাত্মক ঘটনা সংঘটিত কৰাৰ সম্ভাৱনা আছে। আৰু যদি পুৱালৈ অপেক্ষা কৰিলে হেঁতেন তেন্তে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিলে হয়।