মুখ্য-পৃষ্ঠা

দুখন ফেন, চাৰিটা বাল্বৰ বিল ২৩ কোটি ৬৭ লাখ

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰে বিদ্যুৎ বিভাগৰ এক গাফিলতিয়ে এতিয়া সকলোৰে চকু কপালত তুলিছে৷ ৰাজ্যখনৰ কন্নৌজ জিলাৰ এজন সাধাৰণ ব্যক্তিক ৰাজ্যখনৰ বিদ্যুৎ বিভাগে প্ৰদান কৰিছে ২৩ কোটি টকাৰ বিল৷ আনহাতে বিলৰ লগত ব্যক্তিজনে ঘৰত ব্যৱহাৰ কৰা বিদ্যুতৰ পৰিমান দেখুওৱা হৈছে ১৭৮ ইউনিট৷ বিদ্যুত বিভাগৰ এই নাভূত নাশ্ৰুত বিল লাভ কৰাৰ পিছতে মূৰে কপালে হাত দিছে আব্দুল ৱাছিত নামৰ লোকজনে৷

ইফালে এই বিল সন্দৰ্ভত আব্দুল ৱাছিত নামৰ লোকজনে বিদ্যুৎ নিগমৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ ইয়াৰ পিছতে উত্তৰ প্ৰদেশ বিদ্যুৎ বিভাগে ভুলবশতঃ এই বিল প্ৰদান কৰা হৈছিল বুলি স্বীকাৰ কৰে৷ ঘটনা সন্দৰ্ভত তদন্ত চলাই অতি সোনকালে এই ভুল সংশোধন কৰাৰো আশ্বাস দিয়ে বিদ্যুৎ নিগমৰ মহা পৰিদৰ্শক পি এ কুৰিয়ান ফিলিপে৷

উল্লেখ্য যে, আব্দুল ৱাছিতে ৩ মাহৰ বিল পৰিশোধ কৰিব পৰা নাছিল৷ ইয়াৰ পিছতে তেওঁলৈ ১৭৮ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰাৰ জাননীৰে ২৩,৬৭,৭১,৫২৪ টকাৰ বিল প্ৰেৰণ কৰা হয়৷ আব্দুলে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ ঘৰত মাত্ৰ দুখন ফেন আৰু ৪ টা বাল্ব ব্যৱহাৰ কৰে৷ আনকি তেওঁৰ ঘৰত টিভি বা ফ্ৰিজো নাই৷ পেছাত এজন খুচুৰা ব্যৱসায়ী আব্দুল ৱাছিতে কয় যে যদি গোটেই জীৱনো এই বিল পৰিশোধ কৰে, তথাপিও সেয়া সম্ভৱ নহ'ব৷ আনহাতে উত্তৰ প্ৰদেশৰ বিদ্যুৎ বিভাগৰ এনে গাফিলতিয়ে প্ৰায়ে সাধাৰণ মানুহক হাৰাশাস্তি কৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছে৷