মুখ্য-পৃষ্ঠা

দোকানৰ পৰা ঘৰলৈ উভতি যোৱা সময়ত বিজেপি নেতাক গুলীয়াই হত্যা…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ ফিৰোজাবাদ জিলাত গুলীয়াই হত্যা কৰা হয় এগৰাকী বিজেপি নেতাক। শুকুৰবাৰে নিশা বাইকত অহা তিনি দুৰ্বৃত্তই বিজেপিৰ নেতা ডি কে গুপ্তাক গুলীয়াই হত্যা কৰে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই ঘটনা সেই সময়ত সংঘটিত হয়, যেতিয়া বিজেপি নেতাজনে নিজৰ দোকানখন বন্ধ কৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু বৰ্তমানলৈ হত্যাকাৰী কেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ইফালে, ফিৰোজাবাদৰ এছএছপি শচীন্দ্ৰ পেটেল সাংবাদিকৰ আগত কয়- 'ডি কে গুপ্তাই দোকান বন্ধ কৰি যাবলৈ লোৱা সময়তে সংঘটিত হয় এই ঘটনা। তিনিওটা হত্যাকাৰীয়ে বিজেপি নেতাজনৰ ওপৰত গুলীবৰ্ষণ চলায়।'