মুখ্য-পৃষ্ঠা

জীৱনৰ বাজী কনিষ্টবলৰ! ছেলফীত ব্যস্ত এছ আই ছাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে উত্তৰপ্ৰদেশত এগৰাকী আৰক্ষী বিষয়াই ল'লে ছেলফী। ছেলফীখনত দেখা পোৱা গৈছে যে এজন কনিষ্টবলে বিদ্যুতৰ খুটাত উঠি ৰাজনৈতিক দলৰ নিৰ্বাচনী পোষ্টাৰ আঁতৰাই থকা। সেনা বা সেনাৰ প্ৰতিচ্ছবিৰ সৈতে থকা পোষ্টাৰসমূহ আঁতৰোৱাত এনেদৰে ব্যস্ত হৈ পৰিছে আৰক্ষীগৰাকী।

নিৰ্বাচন আয়োগে নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলে এনেধৰণৰ পোষ্টাৰ, হৰ্ডিং ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিয়াৰ পাছত এনেদৰে তৎপৰ হৈ পৰিছে আৰক্ষী। উত্তৰপ্ৰদেশৰ উন্নাও জিলাত আৰক্ষী বিষয়াগৰাকীক এনেবোৰ পোষ্টাৰ-হৰ্ডিং আঁতৰোৱাৰ লগতে এই সন্দৰ্ভত তদন্ত কৰাৰো নিৰ্দেশ দিয়া হৈছে। অৱশ্যে জীৱনৰ বাজী লগাই কনিষ্টবলগৰাকীয়ে এনেদৰে বিদ্যুতৰ খুটাত উঠি পোষ্টাৰ আঁতৰোৱাৰ সময়ত এছ আই গৰাকীয়ে ছেলফী তুলি থকাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।