মুখ্য-পৃষ্ঠা

উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়…

asomiyapratidin

ডিজিটেল ডেস্কঃ উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ ন্যায়িক জিম্মাত হত্যাৰ গোচৰত ২৯ ফেব্ৰুৱাৰীত ৰায় প্ৰদান কৰিব দিল্লীৰ তিছ হাজাৰী আদালতে। নিৰ্যাতিতাৰ পিতৃৰ হত্যাৰ গোচৰত বিজেপিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদ্বীপ সিং চেঙাৰসহ মুঠ ১০ জনক দোষী সাব্যস্ত কৰিছে আদালতে।

প্ৰণিধানযোগ্য যে, ২০১৭ চনৰ ৪ জুনত এগৰাকী যুৱতীয়ে তেতিয়াৰ বিজেপিৰ বিধায়ক কুলদ্বীপ সিং চেঙাৰৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ তুলিছিল। তাৰ পৰৱৰ্তী সময়ত ৰায়বৰেলীত এক পথ দুৰ্ঘটনাৰে নিৰ্যাতিতাক হত্যাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হয় কুলদ্বীপ চেঙাৰৰ বিৰুদ্ধে।

উন্নাও বলাৎকাৰ কাণ্ডত দোষী সাব্যস্ত হৈ ইতিমধ্যে যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰি আছে প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ সিং চেঙাৰে। দোষীৰ বিৰুদ্ধে অপৰাধজনিত ষড়যন্ত্ৰ ৰচা, অপহৰণ, বিবাহৰ প্ৰলোভন দি নিৰ্যাতন চলোৱা আৰু বলাৎকাৰৰ গোচৰ ৰুজু কৰি পক্স' আইনৰ অধীনত দোষী সাব্যস্ত কৰিছিল আদালতে।

ইফালে নিৰ্যাতিতাই বিজেপি বিধায়কজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিধায়কৰ ভাতৃ অতুল সিং আৰু অন্য সহযোগীয়ে নিৰ্যাতিতাৰ পিতৃক গুৰুতৰভাৱে প্ৰহাৰ কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে। সেই সময়ত নিৰ্যাতিতাৰ পিতৃয়ে তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি চিঞৰিলেও তেওঁৰ কোনো কথাই শুনিবলৈ মান্তি হোৱা নাছিল উত্তৰ প্ৰদেশ আৰক্ষী। নিৰ্যাতিতাৰ পিতৃক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে জিলা কাৰাগাৰত ৰহস্যজনকভাৱে তেওঁৰ মৃত্যু ঘটে।