মুখ্য-পৃষ্ঠা

ওন্নাৱ বলাৎকাৰ কাণ্ডঃ হাস্পতালতে অস্থায়ী ন্যায়ালয়ৰ ব্যৱস্থা, পীড়িত কিশোৰীৰ জবানবন্দী বন্ধ কোঠাত…

asomiyapratidin

ডিজিটেল ডেস্কঃ ওন্নাৱ বলাৎকাৰ কাণ্ডৰ পীড়িত কিশোৰীগৰাকীৰ জবানবন্দী গ্ৰহণ। বুধবাৰে দিল্লীৰ ন্যায়ালয়ে পীড়িত কিশোৰীগৰাকীৰ চিকিৎসাধীন হৈ থকা এইমছত অস্থায়ী ৰূপে আদালত স্থাপনেৰে জবানবন্দী কৰে। এয়া ন্যায়পালিকাৰ ইতিহাসত এক ঐতিহাসিক ক্ষণ হিচাপে গণ্য কৰা হৈছে।

উল্লেখ্য যে, বিজেপিৰ নিলম্বিত বিধায়ক কুলদীপছেংগাৰে ২০১৭ত এই কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পীড়িতকিশোৰীগৰাকীৰ অধিবক্তাই কয় যে, জয়প্ৰকাশ নাৰায়ণ এপেক্স ট্ৰমা চেন্টাৰৰপ্ৰেক্ষাগৃহত এক বন্ধ কোঠাত জিলা ন্যায়াধীশ ধৰ্মেশ শৰ্মাৰ সন্মুখত কিশোৰীগৰাকীৰজবানবন্দী কৰা হয়। য'ত পীড়িত কিশোৰীগৰাকীয়ে দুজন অভিযুক্তক চিনাক্ত কৰিছে। আৰুচলিত বৰ্ষৰ ২৮ জুলাইত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কিশোৰীগৰাকী বৰ্তমানলৈ এইমছতচিকিৎসাধীন হৈ আছে।

অধিবক্তাগৰাকীয়ে লগতে কয় যে- পীড়িতকিশোৰীগৰাকীৰ জবানবন্দীৰ অৰ্ধ ভাগ হুইল চেয়াৰ আৰু বাকীখনি ষ্ট্ৰেচাৰত গ্ৰহণ কৰাহয়।এই তদন্ত পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলে। ইফালে, কিশোৰীগৰাকীৰ চিকিৎসাচলাই থকা চিকিৎসকে কয় যে, তেওঁক ন্যায়ালয়ৈ লৈ যোৱাৰ অনুমতি প্ৰদান কৰিবনোৱাৰি।