মুখ্য-পৃষ্ঠা

নাপালে ন্যায়! বলাৎকাৰীয়ে জ্বলাই দিয়া উন্নাৱৰ নিৰ্যাতিতাই হেৰুৱালে প্ৰাণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা মৃত্যু হ'ল উত্তৰ প্ৰদেশৰ উন্নাৱত বলাৎকাৰৰ সন্মুখীন হোৱা যুৱতীগৰাকীৰ। দিল্লীৰ সফদৰজং হাস্পতালত নিশা ১১.৪০ বজাত মৃত্যু হয় যুৱতীগৰাকীৰ। উল্লেখ্য যে, বৃহস্পতিবাৰে যুৱতীগৰাকীক ৫ জন লোকে কেৰাচিন তেল ঢালি জ্বলাই দিয়ে। শৰীৰৰ ৯০ শতাংশ অগ্নিদগ্ধ যুৱতীগৰাকীয়ে হাস্পতালৰ বিচনাত চটফটাই অৱশেষত হাৰ মানিলে।

শনিবাৰে মৰণোত্তৰ পৰীক্ষাৰ পিছতে তেওঁৰ মৃতদেহ লৈ যোৱা হ'ব নিজ গৃহলৈ। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, উন্নাৱৰ এক গণধৰ্ষণ কাণ্ডৰ শুনানিৰ বাবে ৰায়বৰেলীৰ এখন আদালতলৈ যোৱাৰ সময়ত ৫জন লোকে নিৰ্যাতিতা যুৱতীগৰাকীৰ দেহত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে। ইফালে এই ঘটনাৰ পিছতে আৰক্ষীয়ে যুৱতীগৰাকীৰ মন্তব্যৰ ভিত্তিত অভিযুক্ত কেইজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে। সেইসকল ক্ৰমে শুভম, শিৱম, হৰিশংকৰ, উমেশ আৰু কিশোৰ।

উল্লেখ্য যে, দেহত জুই লগাৰ পিছত সহায় বিচাৰি আৰু আত্মৰক্ষাৰ বাবে যুৱতীগৰাকীয়ে প্ৰায় এক কিলোমিটাৰ বাট অতিক্ৰম কৰে। কিন্তু সেই সময়ত কোনো লোকে যুৱতীগৰাকীৰ সহায়ৰ বাবে আগবাঢ়ি নহাত অৱশেষত তেওঁ নিজেই ফোন কৰি এম্বুলেন্স মাতিব লগা হয়। আনহাতে ঘটনাস্থলীত এম্বুলেন্স উপস্থিত হোৱাৰ লৈকে ইতিমধ্যে তেওঁৰ দেহত ৯০ শতাংশই জুইয়ে পুৰিছিল।

অগ্নিদগ্ধ যুৱতীগৰাকীক প্ৰথমে লক্ষ্ণৌৰ এছএমচি হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্য অধিক অৱনতি ঘটাত বৃহস্পতিবাৰে নিশাই তেওঁক দিল্লীলৈ লৈ যোৱা হয় আৰু সফদৰজং হাস্পতালত ভৰ্তি কৰা হয়। হাস্পতালৰ চিকিৎসকে শুকুৰবাৰে পুৱা জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ স্বাস্থ্য কিছু ভাললৈ আহিলেও ভেন্টিলেশ্যনত ৰখা হয়। কিন্তু নিশা তেওঁ ১১.৪০ বজাত মৃত্যুক সাৱটি লয়। চিকিৎসকে জনোৱা অনুসৰি যুৱতীগৰাকীৰ মৃত্যু হৃযযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হৈছে।

২০১৮ বৰ্ষত বলাৎকাৰৰ সন্মুখীন হৈছিল যুৱতীগৰাকী। তাৰ পিছতে এই ঘটনাক কেন্দ্ৰ কৰি এক গোচৰ ৰুজু হৈছিল। তেনে এক সংক্ৰান্ততে তেওঁ কৰ্টলৈ যাওঁতে বৃহ্স্পতিবাৰে পুৱা তেওঁক আক্ৰমণ কৰি জ্বলাই দিয়ে ৫জন লোকে। খবৰ অনুসৰি জামিনত মুক্তি লাভ কৰা বলাৎকাৰৰ অভিযুক্তই সহযোগীৰ সৈতে মিলি যুৱতীগৰাকীক আক্ৰমণ চলায়।