মুখ্য-পৃষ্ঠা

টেলিকম খণ্ডৰ সংস্কাৰত কেবিনেটৰ অনুমোদন…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত টেলিকম খণ্ডটোত বহু সংখ্যক গাঁথনিগত আৰু প্ৰক্ৰিয়ামূলক সংস্কাৰত অনুমোদন জনাইছে। এই সংস্কাৰৰাজিয়ে নিয়োগৰ সুযোগ সুৰক্ষিতকৰণ আৰু নিয়োগ সৃষ্টিত সহায় কৰিব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰ। লগতে লিকুইডিটিৰ সঞ্চাৰ, বিনিয়োগক উৎসাহ যোগাব বুলিও আশা কৰিছে। কেন্দ্ৰীয় কেবিনেটে কোভিড-১৯ৰ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাত টেলিকম খণ্ডটোৱে উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল।

এই সময়চোৱাত ডাটাৰ ব্যৱহাৰ বৃদ্ধি পালে, অনলাইন শিক্ষাৰ প্ৰসাৰ হ'ল, ৱৰ্ক ফ্ৰম হ'ম, সামাজিক মাধ্যম, ভাৰ্চুৱেল মিটিং ইত্যাদিৰ জৰিয়তে পাৰস্পৰিক সংযোগ বৃদ্ধি পালে।গতিকে এই পৰিপ্ৰেক্ষিতত, এই সংস্কাৰ ব্যৱস্থাই ব্ৰডবেণ্ড আৰু টেলিকম সংযোগৰ প্ৰসাৰত অধিক উদ্দীপনা যোগাব বুলি উল্লেখ কৰে কেবিনেটে। কেবিনেটৰ এই সিদ্ধান্তই প্ৰধানমন্ত্ৰীগৰাকীৰ এটি বলিষ্ঠ টেলিকম খণ্ডৰ ভিশ্যনক শক্তিশালী কৰিছে।

প্ৰতিযোগিতা বৃদ্ধিৰে  উপভোক্তাক অধিক বিকল্পৰ সুবিধা প্ৰদান কৰাৰ লগতে, ই সৰ্বাংগীন উন্নয়নৰ অৰ্থে অন্ত্যোদয়াৰ সপোন সফল কৰিব আৰু প্ৰত্যন্ত অঞ্চলসমূহক মুখ্যধাৰালৈ অনা আৰু সংযোগবিহীনসকলক সংযোগ কৰিবলৈ সৰ্বজনীন ব্ৰডবেণ্ড সুগম কৰিব। এই পেকেজে তদুপৰি ৪ জিৰ প্ৰসাৰ, লিকুইডিটিৰ সঞ্চাৰত উদ্দীপনা যোগান আৰু ৫ জি নেটৱৰ্কসমূহত বিনিয়োগৰ অৰ্থে এটি উপযোগী পৰিবেশ সৃষ্টি কৰিব বুলি আশা কৰিছে কেন্দ্ৰীয় চৰকাৰে।