মুখ্য-পৃষ্ঠা

উৰিয়ামঘাটৰ চি আৰ পি এফ কেম্পত বৃক্ষ ৰূপন কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটস্থিত ১৪২ নং চি আৰ পিফ বাহিনীৰ কেম্পৰ চৌহদত শনিবাৰে এক বৃক্ষৰূপণ   কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।অনুষ্ঠানত ১৪২নং বাহিনীটোৰ চি চেক্টৰৰ চেক্টৰ কামাণ্ডাৰ মুকেশ পি পি , ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া এিনয়ণ ভূঁঞা ,ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ সভাপতি/সম্পাদক ক্ৰমে মাখমুদ আলি,অৱণী শৰ্মা ,গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক দ্বিপেন বৰা , উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতি প্ৰতাপ গগৈ সহ ভালেসংখ্যক স্থানীয় ব্যক্তিয়ে কোভিড প্ৰট'কল ৰক্ষা কৰি অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ অনুষ্ঠানত চেক্টৰ কামাণ্ডাৰ গৰাকীয়ে কয় যে চি আৰ পি এফ বাহিনীটোৰ উদ্যোগত অঞ্চলটোত ১৪ হেজাৰ গছপুলি ৰূপণৰ আঁচনি গ্ৰহণ কৰিছে ৷ বাহিনীটোৰ এনে কাৰ্যক অঞ্চলটোৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ৷