ধেমাজি প্ৰেছ ক্লাৱত ধেমাজিৰ সংবাদ জগতৰ পিতামহ উমেশ চেতিয়াৰ ওপজা দিনৰ ওলগ অনুষ্ঠান...
ধেমাজি প্ৰেছ ক্লাৱত ধেমাজিৰ সংবাদ জগতৰ পিতামহ উমেশ চেতিয়াৰ ওপজা দিনৰ ওলগ অনুষ্ঠান... 
মুখ্য-পৃষ্ঠা

ধেমাজি প্ৰেছ ক্লাৱত ধেমাজিৰ সংবাদ জগতৰ পিতামহ উমেশ চেতিয়াৰ ওপজা দিনৰ ওলগ অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ সংবাদ জগতৰ পিতামহ স্বৰূপ বিশিষ্ট সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াৰ ৮৭ সংখ্যক জন্ম দিনৰ ওলগ অনুষ্ঠানটি সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত ধেমাজি প্ৰেছ ক্লাৱ, ধেমাজি জিলা সাংবাদিক সংস্হা, ধেমাজি জিলা সাহিত্য সভা, ধেমাজি শাখা সাহিত্য সভা , ধেমাজিৰ ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত উদযাপন কৰা হয়। ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত অনুষ্ঠিত সাহিত্যিক উমেশ চেতিয়াৰ ওপজা দিনৰ ওলগ অনুষ্ঠানত ধেমাজিৰ বিভিন্ন দল,সংগঠন, শুভাকাংক্ষী ৰাইজে ধেমাজিৰ সংবাদ জগতৰ পিতামহ তথা জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গঢ় দিওঁতা বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী উমেশ চেতিয়াক গামোচা, মানপত্ৰ, শৰাই, জাপি আৰু বিভিন্ন গ্ৰন্থ আদিৰে জন্ম দিনৰ শুভেচ্ছা জনায় ৷

ইয়াৰ আগে আগে এটি বন্দনাৰে ৰূপজ্যোতি দত্তই অনুষ্ঠানটি শুভাৰম্ভণি কৰে ৷ উল্লখযোগ্য যে, ধেমাজি সংবাদজগতৰ মহীৰূহ স্বৰূপ উমেশ চেতিয়াই ১৯৩৭ চনৰ ২ জানুৱাৰীত ধেমাজি জিলাৰ গোৱাল চাপৰি গাৱঁত জন্ম গ্ৰহণ কৰা উমেশ চেতিয়াই সৰুৰে পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰি অহা চেতিয়াই ১৯৬১ চনত ধেমাজি উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত ১৯৬৫ চনত ঐতিহ্যমণ্ডিত ৰংপুৰত থকা শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷

১৯৬৭ চনত নতুন অসমীয়া নামৰ দৈনিক কাকতখনতেই চেতিয়াই সাংবাদিকতাৰ পাতনি মেলে ৷ তাৰ পাছত ধেমাজিৰ পৰা ক্ৰমে দৈনিক অসম, সাপ্তাহিক নীলাচল, দৈনিক জনমভূমি, আজিৰ অসম, পূৰ্বাচল আদি কাকতত বা-বাতৰি লেখামেলা কৰি আহিছে ৷

৫০০ শৰো অধিক প্ৰবন্ধ লিখাৰ কৃতিত্বৰ অধিকাৰী উমেশ চেতিয়াই জীৱন জেউতি, স্বাধীনতা সংগ্ৰামত ধেমাজি, আমাৰ অসম, ছাঁ-পোহৰৰ জিলিঙনি, অশ্ৰু-অঞ্জলী, সুৱাগমনি, চতুৰংগীখোজৰ শব্দ, বৰণীয়া আহোমৰ স্মৰনীয় অৱদান, ড° লীলা গগৈ কৃৰ্তি আৰু কৃতিত্ব, ধেমাজিৰ সমাজ সংস্কৃতি, কুৰি শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া, জগত গুৰু শংকৰদেৱৰ, চেতিয়া বংশাৱলী, ধেমাজি জেউতী, সাহিত্য ৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী, অসমৰ লোকসংস্কৃতিৰ ৰূপৰেখা, ব্যক্তি আৰু ব্যক্তিত্ব, ধেমাজিৰ বুৰঞ্জী, সাহিত্য আৰু অসমীয়া সাহিত্য, ধেমাজি জিলাৰ গ্ৰন্থপঞ্জী, মিচিং মিগাং, সন্তানক কেনেকৈ মানুহ কৰিব, সুন্দৰৰ সাধক মহান শিল্পীসকল, আহোম বুৰঞ্জী আৰু সংস্কৃতি , পত্ৰ লেখা, ধেমাজিৰ পৰিচয়, ধৰ্মপ্ৰাণ ব্যক্তি গংগাধৰ বৰুৱা, আৰু অসমৰ সংবাদ পত্ৰ আৰু সাংবাদিকতা আদি মূল্যবান ২৮ খন গ্ৰন্থ লিখি ধেমাজিৰ লগতে অসমৰ সাহিত্যৰ ভৰাঁল চহকী কৰিছ ৷

ধেমাজি ৰত্ন তথা অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ বঁটা প্ৰাপ্ত , সাহিত্যিক পেঞ্চনাৰ তথা প্ৰবীন সাংবাদিক উমেশ চেতিয়াই বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে জীৱনৰ ৮৬ বৰ্ষ অতিক্ৰম কৰি ৮৭ বছৰত ভৰি দি সংবাদ-মাধ্যমৰ আৰু দল-সংগঠনৰ আগত বৰ্নিল জীৱনৰ কাৰ্যক্ৰমণিকাৰ সন্দৰ্ভৰ কথা উল্লেখ কৰে ৷ ধেমাজিৰ বিশিষ্ট সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াৰ সোমবাৰে অনুষ্ঠিত হোৱা ওপজা দিনৰ ওলগ অনুষ্ঠানৰ সঞ্চালনা কৰে টাই ভাষাৰ গৱেষক তথা বিশিষ্ট শিক্ষাবিদ চুকাফা বঁটা প্ৰাপক ড° পুষ্প গগৈয়ে ৷

চেতিয়াৰ ওপজা দিনৰ ওলগ অনুষ্ঠানত ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সংস্হাৰ বিষয়ববীয়া তথা সাহিতিক পেঞ্চনাৰ বিমল ৰাজখোৱা, ধেমাজি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক , জ্যেষ্ঠ সাংবাদিক ও শিক্ষাবিদ অৰুন কুমাৰ দিহিঙীয়া, ধেমাজিৰ বিশিষ্ট নাট্যকাৰ বলিন বৰগোহাঞি, ধেমাজি জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বাবুল বুঢ়াগোঁহাই, ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক ৰনজিত চিৰিং, উপ -সভাপতি উষা বুঢ়াগোহাঁই, ধেমাজি জিলা সাংবাদিক সংস্হাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোঁৱৰ, ধেমাজি সাহিত্য সভাৰ সভাপতি লক্ষী বৰগোহাঁই, ধেমাজি বিধানসভা সমষ্টিৰ কমিতি অগপৰ সম্পাদক মহন্ত নৰহ, ধেমাজিৰ এৰানৈ শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী নামেশ্বৰ কাৰ্দং, গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট সাহিত্যিক দিগন্ত কাকতি, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, সম্পাদক জিতু শইকীয়া, সমাজকৰ্মী পদ্মেশ্বৰ দত্ত, জ্যেষ্ঠ নাগৰিক বিদ্যা গগৈ, লেখক তথা সাহিত্যিক পুষ্পা চুতীয়া, লেখিকা ৰুপজ্যোতি দত্ত, জ্যেষ্ঠ সাংবাদিক বিৰেন কুমাৰ কোঁৱৰ, প্ৰাক্তন ধেমাজি জিলা সাংবাদিক সম্পাদক তথা অসম বাৰ্তাজীৱী সংঘৰ উত্তৰ মণ্ডলৰ সম্পাদক ভাস্কৰ সভাপণ্ডিত, ধেমাজি প্ৰেছ ক্লাৱৰ প্ৰদুম্ন্য ভৰালী, বিৰিঞ্চি দত্ত, হৰেন্দ্ৰ নাথ শৰ্মা, মনবিকাশ বৰগোহাঁই, সমাজকৰ্মী ৰোহিত দিহিঙীয়াকে প্ৰমুখ্যে কৰি বিভিন্নজনে উপস্থিত থাকি ধেমাজিৰ মহীৰূহ তথা আধুনিক ধেমাজিৰ নিৰ্মাতা উমেশ চেতিয়াৰ জীৱন আৰু কৰ্মৰাজীৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷