মুখ্য-পৃষ্ঠা

চিচি টিভিত বন্দী ওমৰ খালিদৰ আক্ৰমণকাৰী!

asomiyapratidin

ডিজিটেল ডেস্কঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ওমৰ খালিদক সোমবাৰে কনষ্টিটিউশ্যন ক্লাৱৰ সন্মুখত আক্ৰমণ কৰা দুৰ্বৃত্তৰ চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে।

খালিদে এই ঘটনাৰ পিছত আৰক্ষীক জনাইছিল যে, দুপৰীয়া ২.৩০ বজাত তেতিয়া খালিদ এখন চাহৰ দোকানত আছিল। সেই সময়তে তেওঁক এজন অচিনাক্ত ব্যক্তি ঠেলি দিছিল আৰু তাৰ পাছতেই খালিদলৈ লক্ষ্য কৰি গুলীবৰ্ষণৰ চেষ্টা চলাইছিল।

কিন্তু গুলি লক্ষ্যভষ্ট হৈছিল আৰু খালিদ মাটিত বাগৰি পৰাত তেওঁৰ গাত গুলি লগা নাছিল। লগে লগে মানুহজনে পিষ্টলটো সোমোৱাই লৈ সেই স্থানৰ পৰা  আতৰি গৈছিল। লোকজনৰ পিছত ঘটনাস্থলীত উপস্থিত কিছুলোক দৌৰিছিল যদিও তেওঁ পলাই সাৰিছিল।

এই সূত্ৰৰ পমখেদিয়ে আৰক্ষীয়ে সেই ঠাইত থকা কিছু চিচি টিভি ফুটেজ পৰীক্ষা কৰি এজন লোক সেই স্থানৰ পৰা দৌৰি পলাই যোৱা দৃশ্য দেখা পাইছিল। আৰক্ষীয়ে ইতিমধ্যে দেশত নিৰ্মিত পিষ্টল আৰু ৬জাঁই জীৱন্ত গুলি উদ্ধাৰ কৰিছে।

আৰক্ষী এতিয়াও নিশ্চিত হ'ব পৰা নাই, সেই সময়ত গুলীবৰ্ষণ হৈছিল নে নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অজ্ঞাত লোকৰ বিৰুদ্ধে সংসদমাৰ্গ থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

চিচি টিভিৰ আধাৰত পোৱা তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে এই আক্ৰমণৰ সৈতে জড়িত হ'ব বুলি সন্দেহ কৰা এজন অজ্ঞাত লোকৰ ছবি ৰাজহুৱা কৰিছে।