মুখ্য-পৃষ্ঠা

আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ এটা ফেচবুক পোষ্ট, সন্দেহযুক্ত নাগৰিকক লৈ মহকুমা প্ৰশাসনৰ তদন্ত…

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ  তিনিচুকীয়া জিলাৰ  মোলাং গাওঁৰ কাষৰ দিহিংৰ নদীৰ চাপৰিত  পুনৰ সন্দেহযুক্ত লোকে গাওঁ স্থাপন কৰা আৰু প্ৰশাসনে অতি শীঘ্ৰে  এই ঘৰ সমূহ উচ্ছেদ নকৰিলে  নিজা ববীয়া পদক্ষেপ লবলৈ বাধ্য হম বুলি সকীয়াই আলোচনা পন্থী আলফা নেতা জিতেন দত্তৰ ফেচবুক ষ্টেটাচ এটাক লৈ  তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তিনিচুকীয়া জিলাৰ লিডু অঞ্চলত ।

কেইজনমান নিবনুৱা যুৱকে লীজত লৈ খেতি কৰা প্ৰায় ৪০ বিঘা  মাটিত সন্দেহযুক্ত লোকে ঘৰ সাজি বসবাস কৰা বুলি দিয়া ষ্টেটাচটোকলৈয়ে এই প্ৰতিক্ৰিয়া ।দেওবাৰে মাৰ্ঘেৰিটা মহকুমাৰ ৰাজহ চক্ৰ বিষয়া ৰাকেশ চেত্ৰী দণ্ডাধীক্ষ ঝৰ্ণা পাটগিৰি উক্ত স্থানত আৰক্ষীৰ এটা বৃহৎ বাহিনী লৈ উপস্থিত হৈ তদন্তু কৰে । তদন্তত প্ৰশাসনিক দলটোৱে মাটি ৪০ বিঘা ম্যাদি পট্টাৰ  বুলি স্পষ্ট হোৱাৰ লগতে খেতি কৰিবলৈ ৰখা পৰিয়াল দুটা  নগাওঁ আৰু বাক্সাৰ  ভাৰতীয় নাগৰিক বুলি স্পষ্ট হয় ।

গুৰুত্বপূৰ্ণ কথা এটা আত্মসহায়ক গোটগঠন কৰি উক্ত ভূমিত খেতি কৰি বহু সংখ্যক নিবনুৱাক সংস্থাপিত কৰা দুই যুৱক হৰি বাহাদুৰ চেত্ৰী আৰু বিকাশ বৰুৱাই ইতিমধ্যে টেক্টৰকে ধৰি চৰকাৰী বিভিন্ন সা সুবিধা লাভ কৰিছে । সহজলভ্য ধন ঘটাৰ প্ৰতি আকৃষ্ট একাংশ নতুন প্ৰজন্মক আদৰ্শৰ বাট দেখুওৱা দুই যুৱক ইতিমধ্যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ দ্বাৰা আদৰ্শ কৃষক হিচাপে ৰাজহুৱা ভাৱে সম্ববৰ্ধিত হৈছে।

উল্লেখযোগ্য যে পূৰ্বেও লিডুৰ মোলাং গাৱঁৰ দিহিঙৰ চাপৰিত  আলোচনাপন্থী আলফা নেতা জিতেন দত্তই প্ৰথমে সন্দেহযুক্ত লোক আৰু পাছত বনভূমিত বসবাস কৰি অহা বুলি কৈ একাংশ পৰিয়ালক প্ৰশাসনৰ জড়িয়তে  উচ্ছেদ কৰাইছিল । বৰ্তমান উক্ত কেইবাশ বিঘা ভূমি দত্ত আৰু তেওঁৰ একাংশ অনুগামীৰ দখলত । কৃষিকৰ্ম কৰিছে উক্ত ভূমিত ।