মুখ্য-পৃষ্ঠা

এজন আলফা নেতা আৰু মাতৃহীন নিহাৰিকাৰ জীৱন সংগ্ৰাম, সহায়ৰ হাত গৰীৱৰ বন্ধু খ্যাত বিৰাজ হাজৰিকাৰ…

asomiyapratidin


ডিজিটেল সংবাদ, শিৱসাগৰঃ যি সময়ত এচাম প্ৰাক্তন আলফাই কোটি কোটি টকাৰ স্থাৱৰ অস্থাৱৰ সম্পতিৰ মালিক হৈছে সেই সময়তে এগৰাকী প্ৰাক্তন আলফাই পুত্ৰ কন্যাক মানুহ কৰিবলৈ কঠোৰ সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰা খবৰে বিশেষ চৰ্চা লাভ কৰিছে। জীৱন সংগ্ৰামত হাৰ নমনা প্ৰাক্তন আলফাৰ মেধাৱী কন্যাৰ শিক্ষাৰ দ্বায়িত্ব ললে গৰীৱৰ বন্ধু খ্যাত বিৰাজ হাজৰিকাই৷

জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গৰ "মা" শীৰ্ষক গীতটি যেন বেছিকৈ প্ৰিয় এইগৰাকী মেধাৱী ছাত্ৰীৰ৷ যি গৰাকী ছাত্ৰীৰ পিতৃ মাতৃ দেশ উদ্ধাৰৰ স্বপ্নত মগ্ন আছিল। সংগ্ৰামী জীৱনৰ কঠোৰ সময়বোৰৰ মাজতে যাৰ মাতৃ ঘন জংঘলত সংঘটিত এক দুৰ্ঘটনাত হেৰাই গৈছিল। এইগৰাকী মেধাৱী ছাত্ৰী নিহাৰিকা বৰুৱা । পিতৃ খগেন বৰুৱা আৰু মাতৃ প্ৰয়াত অনিমা গগৈ বৰুৱা৷ তেওঁলোক আছিল আলফা কেডাৰ ৷ কিন্তু আলফা শিবিৰত থাকোতেই ছাত্ৰী গৰাকীয়ে হেৰুৱাই নিজ মাতৃক। তেতিয়া তাইৰ বয়স আছিল মাত্ৰ ৩ মাহ। সেই সময়ৰ ৩ মহীয়া নিহাৰিকা এতিয়া ১৬ বছৰীয়া হল। মনত অযুত সপোন , এসাগৰ আশা লৈ দেউতাকৰ হতে বাস কৰিছে এটা উৰুখা পজাত।

এইবাৰ নিহাৰিকাই মেট্ৰিক (HSLC) পৰীক্ষাত উতীৰ্ণ হৈছে৷ নিহাৰিকাই পঢ়াৰ লগতে আগবঢ়াই নিছে সংগীত সাধনা৷ আৰ্থিক দুৰৱস্থাই কোঙা কৰা পৰিয়ালটিৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা৷ নিহাৰিকা বৰুৱাৰ শিক্ষাৰ সমস্ত খৰচ বহন কৰিব বিৰাজ হাজৰিকাই৷ বিৰাজ হাজৰিকাৰ এই সহায়ত আনন্দিত হৈ পৰিছে নিহাৰিকা আৰু তেঁওৰ পিতৃ৷

সংগ্ৰামৰ পথাৰ ত্যাগ কৰি পিতৃ এতিয়া গাঁৱলৈ উভতি আহিল। কঠোৰ পৰিশ্ৰমেৰে নিজ সন্তানক পালন কৰিছে এইজন প্ৰাক্তন আলফাই। ১৯৮৬ চনতে ঘৰ এৰি আলফাত যোগদান কৰা খগেন বৰুৱা ওৰফে ৰাণা বুঢ়াগোঁহাই ২০০৪ চনত পুনৰ নিজ গৃহলৈ ঘুৰি আহিল। কিন্তু দুখৰ বিষয় আলফাত দ্বায়িত্বত থাকিও আজি আনক হাত পাতি চলিব লগা হৈছে খগেন বৰুৱাই। নিজ পুত্ৰ কন্যাই নিজে ভাত ৰান্ধি স্কুল যাব লগা হৈছে। পৰিয়ালটিৰ দুখৰ সমভাগী হবলৈ আগাবাঢ়ি আহিছে বিৰাজ হাজৰিকা৷ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ সৈনিক বিৰাজ হাজৰিকাৰ এই মহনতা সচাই শলাগ লবলগীয়া৷ নিহাৰিকাৰ পিতৃয়েও শলাগ ললে বিৰাজ হাজৰিকাৰ এই মহানতাক৷

মাতৃহীন নিহাৰিকাই নিজৰ অধ্যয়নৰ সমান্তাৰলকৈ ঘৰুৱা কাম কাজো কৰিব লাগে। ঘৰ চফা কৰা , ভাত ৰন্ধা , খেতি কৰা আদি কাম কৰে। এই গৰাকী ছাত্ৰীৰ কণ্ঠও সুৱলা। সুন্দৰ গীত গাই ছাত্ৰী গৰাকীয়ে।

শিৱসাগৰ জিলাৰ বকতা বৰপিয়াল গাৱঁৰ বাসিন্দা খগেন বৰুৱাৰ জী নিহাৰিকা বৰুৱাই ঘৰৰ সকলো কাম কৰে। পঢ়াৰ উপৰিও নিহাৰিকাই সুন্দৰকৈ গাব পাৰে গান আৰু সকলো খেলতে পাকৈত। ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীতৰ লগতে বিহু আধুনিক গীত বিভিন্ন মঞ্চত পৰিবেশন কৰি ছাত্ৰী গৰাকীয়ে সমাদৰ বুটলিবলৈ সক্ষম হৈছে।