মুখ্য-পৃষ্ঠা

‘ছহিদক অপমান কৰাৰ অধিকাৰ কাৰোৰে নাই’

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিৰ ভূপালৰ প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰে শুকুৰবাৰে দাবী কৰিছিল যে, তেও শাওপাত দিয়া বাবেই মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়া সন্ত্ৰাসবাদ-বিৰোধী( এ টি এছ)ৰ মুৰব্বী হেমন্ত কাৰেকাৰৰ মৃত্যু হৈছিল। বিজেপি নেতা গৰাকীৰ এই বিতৰ্কিত মন্তব্যৰ পাছতে দেশজোৰা সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অশোক চক্ৰ সন্মানেৰে বিভূষিত হোৱা ছহিদ আই পি এছ বিষয়া গৰাকীক লৈ কৰা এনে অপমানজনক মন্তব্যক সকলোৱে একেমুখে গৰিহণা দিছে।

নিজৰ মন্তব্যৰ সন্দৰ্ভত প্ৰজ্ঞা সিঙে দাবী কৰিছে যে, তেওৰ জীৱনত সন্মুখীন হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে এই মন্তব্য কৰিছিল। মন্তব্যৰ বাবে ইতিমধ্যে ক্ষমাও খুজিছে প্ৰজ্ঞা সিঙে। শাসকীয় বিজেপি দলেও এই মন্তব্যক প্ৰজ্ঞা সিঙৰ ব্যক্তিগত মন্তব্য বুলি কৈ বিষয়টোৰ পৰা গা এৰা দিয়া পৰিলক্ষিত হৈছে। বিভিন্নজনে বিজেপি নেত্ৰী গৰাকীৰ এনে মন্তব্যৰ বাবে গৰিহণা দিয়াৰ পাছতে শনিবাৰে প্ৰজ্ঞা সিঙৰ সমালোচনাত মুখৰ হ'ল বিজেপিৰ মিত্ৰ দল শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে। থাকৰেই সংবাদ মাধ্যমৰ সন্মুখত কয়- এগৰাকী জননেতাৰ মুখত এনে মন্তব্য অতি দুভাগ্যজনক। ছহিদ সকলক অপমান কৰাৰ অধিকাৰ কাৰোৰে নাই। সকলোৱে ছহিদক সন্মান কৰা উচিত।'

উল্লেখ্য যে, ভূপালৰ পৰা বিজেপিৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰা সাধ্বী প্ৰজ্ঞা সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে।