মুখ্য-পৃষ্ঠা

বুধবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কিয় ফোন কৰিলে উদ্ধৱ থাকৰেই…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ শিৱাজী পাৰ্কত মুখ্যমন্ত্ৰী হিচাপে শপত লব শিৱসেনাৰ উদ্ধৱ থাকৰেই। দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছ আৰু এন চি পিৰ নেতৃত্ব।

বৃহস্পতিবাৰৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ শিৱসেনাই নিমন্ত্ৰণ জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো। বুধবাৰে নিশা ফোনযোগে উদ্ধৱ থাকৰেই নৰেন্দ্ৰ মোডীক নিমন্ত্ৰণ জনায়। উল্লেখ্য যে, শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি উপস্থিত থকাৰ লগতে থাকিব মহাৰাষ্ট্ৰৰ ৪০০ কৃষকো।