মুখ্য-পৃষ্ঠা

ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ দুই ভগ্নীক, হত্যা নে আত্মহত্যা?

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সম্ভল জিলাত সংঘটিত এক ঘটনাই শোকৰ সৃষ্টি কৰিছে। জিলাখনৰ গুন্নোৰ অঞ্চলত দেওবাৰে দুগৰাকী যুৱতীৰ মৃতদেহ গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা পিছতে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ বয়স ক্ৰমে ১৯ বছৰ আৰু ১৮ বছৰ। যুৱতী দুগৰাকী সম্বন্ধত বাই-ভনী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্তত এয়া এক আত্মহত্যাৰ ঘটনা বুলি মন্তব্য কৰিছে যদিও পৰিয়াল আৰু স্থানীয় লোকে এয়া আত্মহত্যা বুলি মানি ল'ব নোখোজাক লৈও তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, গুন্নোৰ থানাৰ অন্তৰ্গত ধুমুনা গাঁৱত ৰামবীৰ সিঙে দুই কন্যাক ঘৰত এৰি কৰ্মলৈ গৈছিল। ইফালে যুৱতী দুগৰাকীৰ মাতৃয়েও কোনো কামত পুৱাই ঘৰৰ পৰা ওলাই যায়। পিছত দুপৰীয়াৰ ভাগত দুই ভগ্নীৰ মৃতদেহ ঘৰৰ সমীপত ওলমি থকা প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।

পৰিয়ালৰ লোকে দাবী কৰা মতে, যুৱতী দুগৰাকীয়ে আত্মহত্যা কৰাৰ কোনো কাৰণ নাছিল। যুৱতী দুগৰাকী তেনেই সহজ সৰল বুলি মন্তব্য কৰা পৰিয়াল আৰু স্থানীয় নিৱাসীৰ মন্তব্যৰ পিছতে যুৱতী দুগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ দাবীত ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো তথ্য লাভ কৰা নাই।