মুখ্য-পৃষ্ঠা

প্ৰসঙ্গঃ কাণপুৰ এনকাউন্টাৰ, পুনৰ দুজন আটক

asomiyapratidin

ডিজিটেল ডেস্কঃ অপৰাধীৰ লগত বন্ধুত্ব কৰাৰ অপৰাধত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত দুন লোকক আটক কৰিছে মধ্যপ্ৰদেশ আৰক্ষীয়ে। কাণপুৰ এনকাউন্টাৰত জড়িত থকাৰ অভিযোগ মধ্যপ্ৰদেশ আৰক্ষীৰ। শুকুৰবাৰে আটক কৰে লোক দুজনক। ধৃত লোকদুজন ওম প্ৰকাশ পাণ্ডে আৰু অনিল পাণ্ডে।

মধ্যপ্ৰদেশ আৰক্ষীয়ে আটক কৰা দুয়োজনেই বিভিন্ন অপৰাধৰ লগত জড়িত থকাৰ প্ৰমাণ লাভ কৰিছিল।

শেহতীয়াকৈ দুজন ম'ষ্ট ৱান্টেড অপৰাধীক নিজ বাসভৱনত আত্মগোপনৰ সুবিধা দিছিল ওম প্ৰকাশ পাণ্ডে আৰু অনিল পাণ্ডেই। ম'ষ্ট ৱান্টেড অপৰাধী শশী কান্ত পাণ্ডে আৰু শিৱম ডুবেক আত্ম গোপনৰ বাবে সুবিধা কৰি দিছিল নিজ বাসগৃহত। সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে মধ্য প্ৰদেশ আৰক্ষীয়ে।