- ছত্তীশগড়ত উপ-নিৰ্বাচনৰ পূৰ্বে নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা।
- শনিবাৰে দান্তেৱাৰাত ২ দুৰ্ধৰ্ষ নক্সালবাদীক নিহত কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে।
- দান্তেৱাৰাৰ কিৰন্দুলৰ কুতমেৰ অৰণ্যত পুৱা নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান।
- এই অভিযান কালতে নিৰাপত্তাৰীক্ষৰ গুলীত নিহত হয় নক্সালবাদী দুজন।
- দুয়োজনৰ ওপৰত ৫ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা আছিল।
- নিহত নক্সালাবাদী দুজন ক্ৰমে মলংগীৰ কমিটীৰ সদস্য লচ্ছু মণ্ডাৱী আৰু গুমিয়াপাল বুলি জানিব পৰা গৈছে।
- নক্সালবাদী দুজনৰ পৰা এটা দেশী পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলী জব্দ কৰে নিৰাপত্তাৰক্ষীয়ে।
- উল্লেখ্য যে, ছত্তীশগড়ত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনত নক্সালবাদীয়ে কুটাঘাত চলোৱাৰ আশংকা কৰা হৈছে।
- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি থকা নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।