মুখ্য-পৃষ্ঠা

বিশাখাপট্টনমত তেলেগু দেশমৰ দুই নেতাক গুলীয়াই হত্যা মাওবাদীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশাখাপট্টনমত মাওবাদীৰ আক্ৰমণত প্ৰাণ গ'ল দুই বিধায়কৰ। মাওবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে আৰাকু সমষ্টিৰ তেলেগু
দেশম পাৰ্টিৰ বিধায়ক কিডানী সৰ্বেশ্বৰ ৰাও আৰু প্ৰাক্তন বিধায়ক শিৱেৰু সমাৰে।

নিজৰ সমষ্টিৰ লিভিতপুট নামৰ ঠাইখনত এটি অনুষ্ঠানত ভাগ ল'বলৈ গৈ থকাৰ সময়তে মাওবাদীয়ে গুলীৰে থকা-সৰকা কৰে বিধায়ক দুজনক।

ঘটনাৰ বিৱৰণী অনুসৰি বিধায়ক দুজনৰ কনভয়টোৱে যাত্ৰাপথত একাংশ গাঁওবাসীৰ সৈতে মুখামুখি হয়। সেই গাঁওবাসীৰ মাজতে ছদ্মৱেশত আছিল কেইজনমান মাওবাদী।

মাওবাদী কেইজনে পথতে গাড়ীকেইখন ৰাখে। তেনেতে নামি আহে দুই বিধায়কৰ নিৰাপত্তাৰক্ষী কেইজন। তাতে লাগিল অথন্তৰ। নিৰাপত্তাৰক্ষীৰ বন্দুক কাঢ়ি দুই বিধায়কলৈ গুলীবৰ্ষণ কৰে মাওবাদীয়ে। গুলীৰ আঘাতত ঠাইতে ঢলি পৰে দুই বিধায়ক।

আৰক্ষী সূত্ৰই ঘটনাটোৰে সৈতে অন্ধ্ৰপ্ৰদেশ-ওড়িশা সীমান্তৰ মাওবাদী ৰামকৃষ্ণ জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। মাওবাদী অধ্যুষিত ঠাইখনত এই ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।