AMIT SHAH
AMIT SHAH 
মুখ্য-পৃষ্ঠা

অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে দুটাকৈ বিস্ফোৰণে কঁপাই তুলিলে জন্মু-কাশ্মীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আগন্তুক সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভ্ৰমণ কৰিব জন্মু আৰু কাশ্মীৰ। কিন্তু তাৰ পূৰ্বেই কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসমূলক কাৰ্যকলাপ। উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে অমিত শ্বাহ জম্মু কাশ্মীৰত উপস্থিত হ'ব ৩ ছেপ্টেম্বৰত।

অমিত শ্বাহৰ এই ভ্ৰমণৰ পূৰ্বেই ২৮ ছেপ্টেম্বৰ বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱাই দুটাকৈ ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিলে জন্মুৰ উধমপুৰ চহৰক। উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৩০ ছেপ্টেম্বৰত জন্মু-কাশ্মীৰত উপস্থিত হোৱাৰ কথা আছিল। ১ আৰু ২ অক্টোবৰত তেওঁ ৰাজৌৰী আৰু আৰু বাৰামুলাত দুখন ৰাজহুৱা সভা সম্বোধন কৰাৰ সূতী নিৰ্ধাৰণ কৰা হৈছিল।

কিন্তু সুৰক্ষামূলক ব্যৱস্থাৰ বাবে তেওঁৰ এই কাৰ্যসূচী পিছুৱাই ৪ আৰু ৫ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছে। কিন্তু ইয়াৰ পূৰ্বেই জন্মুৰ উধমপুৰ চহৰত সংঘটিত হোৱা দুটাকৈ বিস্ফোৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণ কিমান সুৰক্ষিত হ'ব সেই বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে, বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে পুৱা উধমপুৰত সংঘটিত হোৱা দুটাকৈ বিস্ফোৰণৰ ভিতৰত প্ৰথমটো বিস্ফেৰণ এখন ৰখাই থোৱা বাছত সংঘটিত হয়। এই বিস্ফোৰণত বাছখনৰ কণ্ডাক্টৰ আৰু আন এজনলোক আহত হৈছে। আহত কণ্ডাক্টৰ জনৰ নাম সুনীল সিং (২৭) আৰু আনগৰাকী ব্যক্তিৰ নাম বিজয় কুমাৰ (৪০)। ইয়াৰে সুনীল সিঙৰ ঘৰ ৰামনগৰত।

বিস্ফোৰণৰ সময়ত দুয়ো বাছখনৰ কেবিনেট বহি আছিল। উল্লেখ্য যে বাছখনৰ কণ্ডাক্টৰ সুনীল সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৰামনগৰলৈ যোৱাৰ পূৰ্বে দুজন ব্যক্তিয়ে বাছখন ৰখাই বাছৰ ওপৰত বিচনাকে ধৰি কিছু সামগ্ৰী ভৰাইছিল। তেওঁলোক আঁতৰি যোৱাৰ প্ৰায় ৩ ঘণ্টাৰ পিছত এই বিস্ফোৰণ সংঘটিত হয়।

আনহাতে এই বিস্ফোৰণৰ তদন্ত চলি থকাৰ মাজতে আজি পুৱা পুনৰ আন এক বিস্ফোৰণে কঁপাই তুলিছে উধমপুৰ বাছ ষ্টেণ্ডক। সৌভাগ্যক্ৰমে অৱশ্যে এই বিস্ফোৰণত কোনো লোক আহত হোৱা নাই।