মুখ্য-পৃষ্ঠা

হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ

asomiyapratidin

ডিজিটেল সংবাদঃ চৰকাৰ ভঙা পতাত নাম আছে একাংশ বিজেপি নেতাৰ। কিন্তু এইবাৰ যেন অংক নিমিলিল। চৰকাৰ ভাঙিবলৈ গৈ নিজে ৰঙা ঘৰৰ আলহী হ'ব লগাহে হ'ল দুই বিজেপিৰ শীৰ্ষ নেতা। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত। ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰ ভাঙিবলৈ যোজা চলাইছিল দুই বিজেপি নেতাই। পাছে এইবাৰ যেন হিতে বিপৰীত হ'ল।


জানিব পৰা মতে ৰাজস্থানৰ SOG অৰ্থাৎ স্পেচিয়েল অপাৰেচন গ্ৰুপে কেইটামান ফোন টেপিঙৰ সহায়ত জানিব পাৰিছিল যে ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰ খন ভাঙিবলৈ একাংশই কুচকাৱাজ চলাইছে। ফোন টেপিঙৰ সহায়ত এইটো কথা পোহৰলৈ আহে যে গেহলট চৰকাৰ ভাঙিবলৈ ৰাজ্যখনৰে একাংশ বিজেপি নেতা সক্ৰিয় হৈ উঠিছে।


চক্ৰটোৱে গেহলট চৰকাৰৰ কেইবাজনো বিধায়কক টকাৰ প্ৰলোভন দেখুৱাই চৰকাৰখনৰ সংখ্যা লঘিষ্ঠ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু এই তথ্য পোহৰলৈ অহাৰ লগতে SOGয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে দুই বিজেপি নেতাৰ বিৰুদ্ধে। উক্ত গোচৰৰ ভিত্তিত প্ৰায় ডেৰ ৰাতি ৰাজস্থান আৰক্ষীয়ে জেৰা কৰাৰ অন্তত SOG য়ে গ্ৰেপ্তাৰ কৰে দুই বিজেপি নেতাক।


হৰ্ছ ট্ৰেডিঙত জড়িত দুই বিজেপি নেতা হ'ল ভৰত মালানী আৰু অশোক সিন্হা। উল্লেখ্য যে ভৰত মালানী ৰাজস্থান বিজেপিৰ কেইবাটাও গুৰুূত্বপূৰ্ণ দায়িত্বত আছিল। দুয়োকে উদয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰাজস্থান স্পেচিয়েল গ্ৰুপে। বৰ্তমান দুয়োকে জয়পুৰত জেৰা অব্যাহত ৰাখিছে SOG য়ে।