মুখ্য-পৃষ্ঠা

টুইংকল খান্নাৰ টুইটঃ অৰবিন্দ কেজৰিৱালৰ সমৰ্থক, কিন্তু বান্দৰ টুপী কিনিবলৈ ধন নাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ বহু সময়ৰ পৰা ৰূপালী পৰ্দাত দেখা নাপালেও, ছ'চিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাৰ এটা টুইট বৰ্তমান ভাইৰেল হৈ পৰিছে। ৰাজনীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক বিষয়ৰ ওপৰত মত প্ৰকাশ কৰা দেখা যায় টুইংকলক। পুনৰ তেওঁ কৰা এক টুইট ভাইৰেল হৈ পৰা দেখা গৈছে, য'ত বহু সংখ্যক লোকে মন্তব্য কৰিছে।

টুইংকল খান্নাই এখন ছবি ফটো শ্বেয়াৰ কৰিছে য'ত এটি কণমানি শিশুৱে মূৰত অন্তৰ্ৱাস পৰিধান কৰা দেখা পোৱা গৈছে। ফটোখন শ্বেয়াৰ কৰি তেওঁ এক প্ৰকাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰে। তেওঁ টুইটাৰত লিখিছে- 'আপুনি অৰবিন্দ কেজৰিৱালৰ সমৰ্থক, কিন্তু আপোনাৰ তাত বান্দৰ টুপী ক্ৰয় কৰিবলৈ ধনৰ অভাৱ! মই এনেকুৱা কৰিবলৈ কোৱা নাই।' টুইংকল খান্নাই এই টুইটাৰ দ্বাৰা অৰিবন্দ কেজৰিৱালক এক প্ৰকাৰ কটাক্ষ কৰা দেখা গৈছে। আৰু এই টুইটক লৈ বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে।