মুখ্য-পৃষ্ঠা

পথ দুৰ্ঘটনাত নিহত জনপ্ৰিয় দুগৰাকী অভিনেত্ৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা বিকাৰাবাদ অঞ্চলত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় তেলেগু তথা হিন্দী ছবি জগতৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰী। কেইবাখনো তেলেগু ছবি আৰু হিন্দী ধাৰাবাহিকত অভিনয় কৰা এই দুগৰাকী অভিনেত্ৰী হৈছে অনুষা ৰেড্ডী আৰু ভাৰ্গৱী। হায়দৰাবাদত ছবিৰ কিছু কাম কৰি পুৱতি নিশা দিল্লীস্থিত ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।

আৰক্ষীয়ে জনোৱা অনুসৰি, বুধবাৰে পুৱা অভিনেত্ৰী দুগৰাকী আহি থকা বাহনখনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি হয়। ট্ৰাকৰ পৰা বাচিবলৈ অভিনেত্ৰী দুগৰাকীৰ বাহনখনে চেষ্টা কৰিছিল যদিও দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ এজোপা গছৰ খুন্দা মাৰে। দুৰ্ঘটনাৰ সময়ত বাহনখনত মৃত অভিনেত্ৰী দুগৰাকীৰ বাহিৰে আন দুগৰাকী অভিনেত্ৰীয়ো আছিল। তেওলোকক সংকটজনক অৱস্থাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অভিনেত্ৰী দুগৰাকীৰ মৃত্যুৰ খবৰে তেলেগু ছবিজগতত শোকৰ ছাঁ পেলাইছে।