মুখ্য-পৃষ্ঠা

সুৰাই প্ৰতিৰোধ কৰিব নোৱাৰে কোৰানা ভাইৰাছ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াৰ লগতে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে, কোৰোনা ভাইৰাছ সংক্ৰমিত নহয় মদ্যপান কৰা লোকৰ দেহলৈ। নিমিষতে সকলোতে ভাইৰেল হৈ পৰা এই খবৰটোৰ সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। মদ খালে কোৰোনা ভাইৰাছ নিৰাময় হোৱা এই গুজবক মিছা আখ্যা দিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ'ছ এডেনাম ঘেব্ৰীছাছে কোৰোনাক বিয়পা এই উৰাবাতৰিক লৈ স্পষ্টীকৰণ দি কয় যে, সুৰা সেৱনে কোৰোনা ভাইৰাছ নিঃশেষ কৰিব নোৱাৰে। শৰীৰত এই ভাইৰাছ লাগিলে ক্ল'ৰিন বা সুৰাৰ দ্বাৰা নমৰে। লগতে তেওঁ সৰ্তক কৰি দিয়ে যে, কাপোৰ, চকু আৰু মুখত সুৰা ছটিয়ালে সেয়া স্বাস্থ্যৰ পক্ষে হানিকাৰক হ'ব পাৰে। ক্ল'ৰিন আৰু সুৰাৰ ব্যৱহাৰ বীজাণু শেষ কৰাৰ বাবে ব্যৱহাৰ হয়, কিন্তু ইয়াৰ ব্যৱহাৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি কৰা উচিত। গৰম পানীৰে গা ধুলেও কোৰোনা ভাইৰাছৰ পৰা বাচি থাকিব পাৰি বুলি । বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰিছে।