মুখ্য-পৃষ্ঠা

অমৃতসৰত দুৰ্ঘটনা সংঘটিত কৰা ৰে’ল পালেগৈ পাক সীমান্ত, এতিয়াও লাগি আছে মানৱ দেহৰ অংগ

asomiyapratidin

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ অমৃতসৰত ৰাৱণ দাহৰ মাজতে সংঘটিত হোৱা ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ পিছতে দুৰ্ঘটনা সংঘটিত কৰা ৰে'লখন ভাৰত-পাক সীমান্তত থকা অটাৰী ষ্টেচনলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে। সদ্যহতে ট্ৰেইনখন অটাৰী ষ্টেছনত ৰাখি থোৱা হৈছে।

ট্ৰেইনখনক লৈ প্ৰকাশিত বাতৰি অনুসৰি এতিয়াও ট্ৰেইনখনৰ কেইবাটাও দবাত মানৱ দেহৰ অংগ লাগি আছে। যাৰ বাবে জনতাৰ আক্ৰোশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-পাক সীমান্ত ট্ৰেইনখন ব্যৱহাৰহীনভাৱে ৰখাই থোৱাৰ বাবে ৰে'ল বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, শুকুৰবাৰে অমৃতসৰৰ জোড়া ৰে'লৱেৰ ফাটকত দছেৰা উৎসৱ চলি থকাৰ মাজতে ভয়াবহ ৰে'ল দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৬১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৭২ জন লোক গুৰুতৰভাৱে আহত হয়।