পৰম্পৰাগত খেল-ধেমালিৰে ঢকুৱাখনাত ভোগালী উদযাপন...
পৰম্পৰাগত খেল-ধেমালিৰে ঢকুৱাখনাত ভোগালী উদযাপন... 
মুখ্য-পৃষ্ঠা

পৰম্পৰাগত খেল-ধেমালিৰে ঢকুৱাখনাত ভোগালী উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: লোক কলা ,কৃষ্টি সংস্কৃতি, শিক্ষা সাহিত্য, বৌদ্ধিক আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰে কৌটিকলিয়া দিনৰে পৰা স্বাভিমানী ঢকুৱাখনা। স্বকীয় লোক কৃষ্টিৰে উদ্ভাসিত ঢকুৱাখনাৰ অন্যতম হৃদপৃণ্ড স্বৰূপ উজনি জালভাৰী গাঁৱৰ ভঁৰালী চুক।

ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোনেৰে সম্পৃক্ত এই উজনি জালভাৰী ভঁৰালীচুকত দেওবাৰে ভোগালী বিহুৰ উপলক্ষত ৰোৱতী পথাৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় লোক পৰম্পৰাগত থলুৱা খেল-ধেমালীৰে ভোগালীক উদযাপনৰ এক প্ৰয়াস। ভঁৰালীচুকৰ বুঢ়া মেঠা , বৃদ্ধ বৃদ্ধা,মুনিহ তিৰোতা , যুৱক যুৱতী, কিশোৰ কিশোৰী সকলো একত্ৰিত হৈ দেওবাৰে পুৱতি নিশা পৰম্পৰাগত ভাবে ৰোৱতী পথাৰ বাকৰিত মেজি জ্বলাই দুপৰীয়ালৈ অনুষ্ঠিত কৰে পৰম্পৰাগত থলুৱা খেল-ধেমালি ।

বৰ্ষীয়ান নাগৰিক অনন্ত দত্তই শুভাৰম্ভ কৰা এই ভোগালীৰ আনন্দমূলক অনুষ্ঠানত মহিলাসকলৰ মাজত গৰালৰ মাজত চকু বান্ধি হাঁহ ধৰা , ধাৰী খেল, পুৰুষসকলৰ মাজত সুউচ্চ কল গছত উঠি হাঁহ ধৰা খেল, কণমানিসকলৰ চকু বান্ধি হাঁহ ধৰা খেল আদি অনুষ্ঠিত কৰে। লগতে ভাগ্য পৰীক্ষা মূলক লটাৰী খেল অনুষ্ঠিত কৰা হয়।

চলিত বৰ্ষত ২৩ সংখ্যক বৰ্ষত ভৰি দিয়া এই ভোগালীৰ আনন্দ উৎসৱত কৃষিজীৱী ৰাইজে পুৱাৰ পৰা বিয়লি পৰ্যন্ত স্বতঃস্ফুট ভাবে অংশগ্ৰহণ কৰি নৱ প্ৰজন্মৰ মাজত এনেবোৰ লুপ্ত প্ৰায় থলুৱা কৃষিজীৱি ৰাইজৰ খেলসমূহ পৰিচিত কৰি দিয়াৰ এক সংঘবদ্ধ প্ৰয়াস বুলি জানিবলৈ  দিলে । উল্লেখ্য যে, সোমবাৰে ভঁৰালীচুকৰ ৰাইজ এই বিহু বাকৰিত সমবেত হৈ এসাঁজ সমূহীয়া ভোজ-ভাত খাই দুদিনীয়া ভোগালী উৎসৱৰ সফল সামৰণি মাৰিব।