- সমগ্ৰ দেশত প্ৰযোজ্য হ'ল লকডাউন।
- নিশা ১২ বজাৰ লগে লগেই ২১ দিনৰ বাবে দেশজুৰি লকডাউন।
- দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল কোৰোনা ভাইৰাছৰ বাবে দেশজুৰি হ'ব লকডাউন।
- ১৩০ কোটি দেশবাসীয়ে আৱদ্ধ কৰি ৰাখিব লাগিব নিজকে ঘৰৰ ভিতৰত।
- তিনি সপ্তাহ ধৰি ঘৰৰ ভিতৰত থাকিব লাগিব দেশবাসী।
- প্ৰধানমন্ত্ৰী মোডীৰ ঘোষণা- ইয়াৰ বিকল্প পথ আৰু নাই।
- দীঘলীয়া হ'লেও যিকোনো পৰিস্থিতিত মানি লাগিব এই লকডাউন।
- নহ'লে নিস্থাৰ নাই কোৰোনা ভাইৰাছৰ পৰা।
- কোৰোনা ভাইৰাছৰ ভয়াৱহতা উপলব্ধি কৰিবলৈ দেশবাসীক আহ্বান প্রধানমন্ত্ৰীৰ।
- অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰীসমূহহে উপলব্ধ হ'ব এতিয়াৰ পৰা।
- দেশত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫শৰো অধিক।
- দিল্লীত মঙলবাৰে মৃত্যু ঘটে আন এজন ৰোগীৰ।
- বিমান, ৰেল আৰু মেট্ৰ সেৱা সম্পূৰ্ণ ৰূপে ব্যাহত।