মুখ্য-পৃষ্ঠা

দেশত ২৪ ঘন্টাত ৮৩ সহস্ৰাধিক লোকৰ দেহত কোভিড পজিটিভ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। দেশত শুকুৰবাৰলৈ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৯ লক্ষাধিকলৈ বৃদ্ধি পায়। যোৱা ২৪ ঘন্টাত দেশত এই ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে ৮৩,৩৪১জন লোক।

ভাৰতত বৰ্তমান  এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৯,৩৬,৭৪৭জনলৈ বৃদ্ধি পাইছেগৈ। ইফালে, যোৱা ২৪ ঘন্টাত দেশত ১০৯৬জন কোৰোনাত আক্ৰান্ত লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৬৮,৪৭২জন।