মুখ্য-পৃষ্ঠা

৩০ নৱেম্বৰ লৈ বন্ধ আতচবাজীৰ বিক্ৰী….

asomiyapratidin

ডিজিটেল ডেস্ক : এইবাৰ দিপাৱলীত কৰিব নোৱাৰিব ফটকা অথবা আতচবাজীৰ ব্যৱহাৰ । দিল্লীৰ লগতে এনচিআৰ অঞ্চলত ৯ নৱেম্বৰৰ মাজৰাতিৰ পৰা ৩০ নৱেম্বৰলৈ আতচবাজী জ্বলোৱা আৰু বিক্ৰী সম্পূৰ্ণ নিষিদ্ধ কৰিছে।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰনে সোমবাৰে এই সময়ছোৱাত আতচবাজী জ্বলোৱাটো প্ৰতিহত কৰাৰ উদ্দেশ্যে নতুন নিৰ্দেশ জাৰি কৰে।দিপাবলীৰ বাবে যাতে প্ৰদূষন হ্ৰাস পোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। দিল্লীৰ আৰু চাৰিওফালৰ কমেও ১২ খন জিলাত এনজিটিৰ এই নিৰ্দেশনা প্ৰযোজ্য হ'ব।

এনজিটিয়ে লগতে দিল্লী আৰু এজিআৰ অঞ্চলতে নহয় সমগ্ৰ দেশৰ চহৰ সমূহতে এই নিৰ্দেশনা দিয়ে । প্ৰদূষনৰ স্থিতি থকা চহৰৰ সমূহত বন্ধ কৰাৰ নিৰ্দেশনা দিছে ।উচ্চতম ন্যায়ালয়ে প্ৰদূষণ স্বাভাৱিক হোৱা চহৰসমূহত জাৰী কৰাৰ বাবে ৰাতি ৮ ৰ পৰা ১০ বজালৈ জ্বলাব পাৰিব বুলি ব্যক্ত কৰে এনজিটিয়ে ।