মুখ্য-পৃষ্ঠা

গ্ৰেপ্তাৰ হ’ল দিল্লীৰ ম’ষ্ট ৱাণ্টেড গেংগষ্টাৰ জীতেন্দ্ৰ মান ওৰফে গোগী…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা দিল্লীৰ ম'ষ্ট ৱাণ্টেড গেংগষ্টাৰ জীতেন্দ্ৰ মান ওৰফে গোগী অৱশেষত গ্ৰেপ্তাৰ হ'ল। দিল্লীৰ গুৰুগ্ৰামৰ চেক্টৰ ৮২ থকা এপাৰ্টমেণ্টৰ পৰা সোমবাৰে দিল্লী আৰক্ষীয়ে ৩ সতীৰ্থসহ গেংগষ্টাৰ গোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে ম'ষ্ট ৱাণ্টেড গেংগষ্টাৰ হিচাপে ঘোষণা কৰা গোগীৰ বিৰুদ্ধে ৪ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ইয়াৰোপৰি হাৰায়ানা চৰকাৰেও ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল গোগীৰ বিৰুদ্ধে।

হাৰিয়ানাৰ গায়িকা হৰ্ষিয়া দহিয়া হত্যাকাণ্ডত গোগী জড়িত থকাটো নিশ্চিত হোৱাৰ পিছতে হাৰিয়ানা চৰকাৰেও গেংগষ্টাৰজনৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰিছিল। আনহাতে নৰেলাত আম আদমী পাৰ্টীৰ নেতা বীৰেন্দ্ৰ মানৰ ওপৰত চলোৱা হত্যাৰ চেষ্টাটো জড়িত আছিল গোগীৰ গেং। তদুপৰি ২০১৮ চনত বুৰাড়ীত টিল্লু গেঙৰ সৈতে হোৱা গেং ৱাৰত গোগীৰ গেঙে ৩ জন লোকক হত্যা কৰাৰ লগতে ৫ জন লোক আহত হৈছিল।

সোমবাৰে দিল্লী আৰক্ষীয়ে ম'ষ্ট ৱাণ্টেড গেংগষ্টাৰ জীতেন্দ্ৰ মান ওৰফে গোগীৰ উপৰিও কুলদ্বীপ মান, ৰোহিত ওৰফে মোই আৰু কপিল নামৰ তিনি সতীৰ্থ গেংগষ্টাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা ৰোহিতৰ বিৰুদ্ধেও দিল্লীত ২ লাখ টকাৰ আৰু হাৰিয়ানাত ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।