মুখ্য-পৃষ্ঠা

মন্ত্ৰীৰ মন্তব্য- দিল্লীৰ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে যজ্ঞ আয়োজন কৰি সন্তুষ্ট কৰিব লাগিব ইন্দ্ৰ দেৱতাক

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লী-এনচিআৰত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰি বায়ুমণ্ডলৰ গুণগত মান বৃদ্ধিৰ বাবে এক নতুন পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছে উত্তৰ প্ৰদেশৰ যোগী মন্ত্ৰীসভাৰ মন্ত্ৰী সুনীল ভৰালাই। দেওবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰদূষণ হ্ৰাস কৰিবলৈ হ'লে প্ৰথমে চৰকাৰে যজ্ঞ আয়োজন কৰিব লাগিব বুলি উদ্ভট মন্তব্য কৰে।

যজ্ঞৰ দ্বাৰা ইন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিব পাৰিলে সকলো সমস্যাৰ সমাধান হ'ব বুলি মন্তব্য কৰা মন্ত্ৰী সুনীল ভৰালাই কয় যে প্ৰদূষণৰ বাবে কৃষকসকলে পথাৰত নৰা জ্বলাই দিয়াটোৱে কাৰণ নহয়। কৃষকসকলে পৰম্পৰাগতভাৱে সেই কাৰ্য কৰি আহিছে। নৰা জ্বলাই দিয়াটো এক সাধাৰণ কথা। গতিকে অনাহকতে কৃষকসকলৰ নৰা জ্বলাবলৈ বাধা প্ৰদান কৰাটো অনুচিত। সেই বাবে চৰকাৰে যজ্ঞ আয়োজন কৰি ইন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিব পাৰিলে বৰষুণ হ'ব আৰু সকলো সমস্যাৰ সমাধান হ'ব।

উল্লেখ্য যে, দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰাই বৰ্তমান সময়ত এক গম্ভীৰ ৰূপ ধাৰণ কৰিছে। দেওবাৰে পুৱা ১০ বজাত দিল্লীৰ একিউআই সৰ্বাধিক ৬২৫ হয়। প্ৰদূষণৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ নাগৰিকৰ উশাহ নিশাহতো অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। আনহাতে ধূসৰ বায়ুমণ্ডলৰ বাবে দেওবাৰে পুৱা দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰিবলগা কেইবাখনো বিমান ডাইভাৰ্ট কৰা হয়।